সম্পৰ্কৰ এনাজৰী - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, June 30, 2024

সম্পৰ্কৰ এনাজৰী

 


সম্পৰ্কৰ এনাজৰী

আতিক আহমেদ

জেঙ্গনী, নগাঁও


আত্মদ্ৰোহী হৈ পৰিছো ক্ৰমশ:

ভাল নালাগে বৰষুণ কবিতা গান 

অথবা সেউজীয়া পথাৰ 

নিৰ্জনতা মোৰ প্ৰিয় হৈ পৰিছে 

অৰণ্যৰ দৰে।

এবুকু বিষাদ যেন গান্ধাৰ নিষাদ 

স্বাৰ্থপৰ পৃথিৱীৰ নীলা মানুহ 

নিজৰ তেজহে চিনাকি 

সেই চিনাকি তেজেও 

মোহাৰি পেলায় সম্পৰ্কৰ এনাজৰী

এখন মুখা আৰি লয় আন্ধাৰত।

সকলো মিছা সুহিদৰ আত্মিক ভালপোৱা 

বিপদত সদায় অকলশৰীয়া 

স্বাৰ্থপৰ পৃথিৱীৰ নীলা মানুহ 

ভাল নালাগে 

যন্ত্ৰনাৰ সুৰ এটি সাৱটি 

বৈ যাব দিয়া গিজাঙ’ৰ বুকুৱেদি 

অকলে অকলে...সংগোপনে।


Doksiri দকচিৰি, জুলাই, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages