ওলাই নহাখিনি
জুনু বুঢ়াগোহাঞি
গুৱাহাটী
ঘৰৰ আটাইতকৈ এন্ধাৰ চুকটোৱে
মোক বিচাৰি ফুৰে
চুকটোক নিজৰ কৰি লৈ বহিছোঁ
আনক ক’ব নোৱৰা কথা পাতিছোঁ
আৰু লিৰিকি আছোঁ কবিতা
কিঞ্চিত ওলাই অহাখিনি
দৈন্য দিনৰ মাত এষাৰ
ভোকৰ নিৰ্জলা এভাগ।
(একান্তই ব্যক্তিগত)
ওলাই নহাখিনি
ওপজি নকন্দা শিশু এটা
অস্হিৰ গল্প এটাৰ মাজত লুকাই থাকে
শূন্য বাট এটাৰে গৈ থকা
বোবা মাতৃ এগৰাকীৰ
এসাগৰ হাহাকাৰ
তাত বাজি থাকে
এজাৰফুলীয়া নিচুকনি গীত এটি।
হে নৰতনু
তুমি দুমুখীয়া হোৱাৰ পৰাই
খুলি আছা
ইজনে সিজনৰ মুখা
তোমাৰ কোলাহলত নমনা হ’লোঁ
আবেলি-বেলিৰ ৰং
নুশুনা হ'লোঁ সন্ধিয়াৰ নিৰলা সুৰ
উফৰি পৰাৰ আগতেই
আঁতৰাই আনিলোঁ নিজক।
ওলাই নহাখিনি
হঠাত বিন্দু এটা হৈ ঘূৰে
:
বিন্দুৱেই বিস্তাৰ।
এতিয়া নিলগে ৰাতিৰ পতাত বহি
হাত পাতি ধৰিছোঁ
চকামকা পোহৰ এচপৰা
:
আকাশে যচা।
Doksiri দকচিৰি, জুলাই, ২০২৪
No comments:
Post a Comment