প্ৰাপ্তি
বন্তি গোস্বামী
নিষ্ঠুৰ মানব তুমি
নিৰপৰাধী হৈ ৰ’বা
তুমি জানো কেতিয়াবা
আনৰ সঁহাৰি হ'ব পাৰিবা
শুনা বন্ধু,
কৃত্ৰিম প্ৰেমক অকৃত্ৰিম
নকৰিবা
সঁচা মিছাৰ সাধু
তুমি মোক নুশুনাবা
বিশ্বই তোমাকে হাঁহিব
শুনি জানো তুমি
ভাল পাবা।
মনৰ কষ্ট আৰু চকুপানী
কাকো মই নেদেখুৱাও
সুখ আৰু দুখৰ বোজা
কোনেওটো নোলোৱা
গছৰ ছাঁত আশ্ৰয় লৈ
আগবাঢ়িব খোজো
ক’ৰবাত প্ৰাপ্তি আৰু
ক’ৰবাত বিষাদ লৈ
কিবা পোৱাৰ আশাৰে
ৰং ছটিয়ালো।
Doksiri দকচিৰি, জুলাই, ২০২৪


No comments:
Post a Comment