কেৱল অৰ্থই সুখৰ চাবি কাঠি নহয়
আব্দুৰ ৰহমান প্ৰামাণিক
কুর্শাকাটি, কোকৰাঝাৰ
এবাৰ এগৰাকী পৰ্যটক ইজিপ্ত ভ্ৰমণ কৰিছিল। তাত মৎস্য জীবি সকলৰ মৎস্য ধৰা পদ্ধতিৰ খুব প্ৰশংসা কৰি সুধিলে আপোনালোকে মাছ ধৰতে কিমান সময় লয় ? বেছি সময় নালাগে তেওঁলোকৰ চুটি বাক্যত উত্তৰ। তেনেহলে আপোনালোকে আৰু বেছি সময় ব্যয় কৰি আৰু অধিক মাছ ধৰিব পাৰিব। কিন্তু আপোনালোকে নধৰে কিয় ? পৰ্যটক গৰাকীয়ে পুনৰ সুধিলে।
আমি নিতৌ যি পৰিমাণৰ মাছ ধৰো, সেইখিনিৰ দ্বাৰা আমাৰ সকলো প্ৰয়োজন অনায়েসে পূৰণ হয়। বৰঞ্চ কিছু বেছি হে হয়।
পৰ্যটক - মাছ ধৰাৰ পিছত বাকী সময় খিনি আপোনালোকে কি কৰে ?
মাছমৰীয়া সকল - আমি টোপনি যাও, লৰা ছোৱালীৰ লগত খেলা ধূলা কৰো, পত্নীৰ লগত সময় দিও, বন্ধু সকলৰ লগত বহি প্ৰাণ খুলি গল্প কৰো, মনৰ আনন্দত গীত গাঁও, ইচ্ছামতে দেশৰ বিশেষ ঠাই দৰ্শন কৰো।
পৰ্যটক গৰাকী তেওঁলোকক হাতেৰে ইছাৰা দি ক’লে শুনা মই অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ পৰা MBA ডিগ্ৰী লোৱা এজন বণিক। মই আপোনালোকক এটা সহজ আৰু চহকী হোৱাৰ বুদ্ধি দি যাও ভৱিষ্যতে কামত আহিব।
আপোনালোকে আৰু অধিক সময় ব্যয় কৰি বেছি মাছ ধৰিব লাগিব। প্ৰয়োজনীয় খিনি ৰাখি বাকী মাছবোৰ বিক্ৰী কৰি দি মাছ এখন ডাঙৰ নৌকা কিনিব লাগিব।
ইয়াৰ পিছত ? মাছমৰীয়া সকলৰ প্ৰশ্ন।
পৰ্যটক - ইয়াৰ পিছত নৌকা ব্যৱহাৰ কৰি আৰু বেছি মাছ ধৰিব পাৰিব। আয় বেছি হব। মাছ বিক্ৰী কৰি কৰি এটা পৰ্যায়ত মাছ বোৰ ব্যৱসায়ীৰ ওচৰত বিক্ৰী নকৰি কোম্পানীৰ লগত আলোচনা কৰি বিক্ৰী কৰিব। ইয়াত আপোনালোকে অধিক মুনাফা অৰ্জন কৰিব। লাহে লাহে আপোনালোকে ধনী হৈ পৰিব। আপোনালোকে আৰু অধিক ধনী হলে নিউয়ৰ্ক বা লণ্ডন এনে বিখ্যাত আৰু ধনী চহৰত আহিব। তাত আপোনালোকে মেঘা প্ৰজেক্ট আৰম্ভ কৰিব। লাহে লাহে মিলিনিয়াৰ পিছত বিলিনিয়াৰ হব পাৰিব। আপোনালোকৰ যশ বিশ্বৰ প্ৰান্তে প্ৰান্তে মানুহৰ মুখত ফুটি থাকিব।
মাছমৰীয়া সকল- এনেকৈ প্ৰাচুৰ্য থিয় কৰিবলৈ কিমান সময় লাগিব ?
পৰ্যটক - অতি কমেও বিছৰ পৰা ত্ৰিছ বছৰৰ প্ৰয়োজন হ’ব।
ইয়াৰ পাছত আৰু কি হব ? মাছমৰীয়া সকল পুনৰ সুধিলে ?
পৰ্যটক - ইয়াৰ পিছত আপোনালোকে অৱসৰ গ্ৰহণ কৰিব। পত্নী, সন্তান লৈ ঘূৰি ফুৰিব, বন্ধুৰ সৈতে প্ৰাণ খুলি গল্প কৰিব,
মাছমৰীয়া সকল - আমি আটায়ে এই কামটোৱে কৰি আছো। তেনেহলে জীৱনৰ বিছ ত্ৰিশ বছৰ কষ্ট কৰাৰ মানে কি? পৰ্যটক গৰাকী উপলদ্ধি কৰিব পাৰিলে যে প্ৰকৃততে অৰ্থই সুখৰ চাবি কাঠি নহয়।
Doksiri দকচিৰি, জুলাই, ২০২৪


No comments:
Post a Comment