জাতীয় সংস্কৃতিৰ প্ৰতি গুৰুত্ব
ঋতৃষ্ণা ডেকা
গোলাঘাট, দেৰগাঁও
সংস্কৃতি বুলি ক’লে আমি এনে এক মিশ্ৰণক বুজো যি জ্ঞান, বিশ্বাস, ৰীতি-নীতি, ধ্যান-ধাৰণা আদিক সামগ্ৰিক ভাবে সামৰি লয়। সংস্কৃতিৰ জৰিয়তেই একোজন ব্যক্তিক সৰ্বতোপ্ৰকাৰে বাহ্যিক আৰু আভ্যন্তৰীণভাৱে আন এজন ব্যক্তিৰ সন্মুখত স্বতঃস্ফুতভাৱে চিনাকি হোৱাত সহায় কৰে। সংস্কৃতিক আকৌ দুটা ভাগত ভাগ কৰিব পাৰি। যিবোৰ বাহ্যিকভাবে পৰিদৃশ্যমান, যাক স্পৰ্শ কৰিব পাৰো সেইবোৰ বস্তুবাদী আনহাতে যিবোৰ আমি স্পৰ্শ কৰিব নোৱাৰো বা দৃশ্যমান নহয় সেইবোৰক অবস্তুবাদী সংস্কৃতি বুলি কোৱা হয়। এতিয়া আমাৰ বিষয়টো হ'ল জাতীয় সংস্কৃতি যি দেখাত বস্তুবাদী সংস্কৃতি যেন লাগিলেও ইয়াত মানুহৰ মনস্তাত্বিক দিশো জড়িত হৈ আছে। আমি বাৰু ক’ব পাৰিম নে নিজৰ সংস্কৃতিক আনৰ সংস্কৃতিতকৈ বেছি গুৰুত্ব দিও বুলি হয়টো আমি কৰবাত ৰৈ যাম,কাৰণ আমি বাহিৰৰ বস্তুবোৰক ইমানেই গুৰুত্ব দিছো যাৰ ফলত নিজৰ অস্তিত্ব নিজৰ স্বাভিমানক পাহৰি পেলাইছো। মানুহৰ কাপোৰৰ পৰিৱৰ্তন হৈছে, সংযত আৰু অসংযতৰ মাজৰ পাৰ্থক্য বুজি নোপোৱাৰ ফলত পোছাক পৰিচ্ছদৰ ধৰণ সলনি হৈছে। আজিৰ শিক্ষিত অভিভাৱকে নিজৰ সন্তানক ইংৰাজী মাধ্যমৰ বিদ্যালয়লৈ নিয়ে আৰু সন্তানসকলে অসমীয়া ভাষাটো নিশিকে। আমাৰ সন্তানে অসমীয়া ক'ব আৰু লিখিব নেজানে বুলি কৈ গৌৰৱ কৰা অভিভাৱকৰ সংখ্যাহে আজিৰ সমাজত বেছি বুলি ক'লে বঢ়াই কোৱা নহ’ব। নিজৰ জাতিৰ ভৱিষ্যতৰ স্বাৰ্থত অভিভাৱক সকলে সন্তানক অসমীয়া ভাষাৰ জ্ঞান নিদিয়াটোহে এতিয়া এডাল প্ৰশ্নবোধক! কোনো মহান লোকে কৈ যোৱাৰ দৰে ইংৰাজী ভাষাটো ভূলকৈ শিকিলে আমাৰ একো ক্ষতি নহয় কিন্ত অসমীয়া ভাষাটো ভুলকৈ শিকিলে আমাৰ জাতিৰ এক ডাঙৰ ক্ষতি হ’ব।
মই বৰ্তমান এগৰাকী ছাত্ৰী লগতে এগৰাকী নৱপ্ৰজন্ম, মোৰ দৰেই মানে আমি নৱপ্ৰজন্মই জানো আমাৰ সংস্কৃতিৰ ওপৰত গুৰুত্ব দিব নালাগিব ! অভিভাৱক হিচাপে যিদৰে তেওঁ সন্তানৰ ভৱিষ্যতৰ (যিহেতু অসমীয়া মাধ্যমত পঢ়িলে উচ্চ শিক্ষাত অসুবিধা হয় বুলি কোৱা হয়) কথা চিন্তা কৰিব ঠিক একেই বাটেৰে ঘূৰি গৈ য’ত আমাৰ ঐতিহ্যপূৰ্ণ সংস্কৃতিক এৰি থৈ আহিছিলো তাৰ পৰাই পুনৰ জাতিৰ জাতীয় স্বাৰ্থক গুৰুত্ব দি সেই সংস্কৃতিক আগুৱাই আনিব লাগিব।
Doksiri দকচিৰি, জুলাই, ২০২৪


No comments:
Post a Comment