অপেক্ষা
জিতু ৰাজ
আমনি, নলবাৰী
যিদিনা তোমাক প্ৰথম দেখিছিলোঁ
সেইদিনা মোৰ হৃদয়ত
বুজা নুবুজা এক আশা জাগ্ৰত হৈছিল,
মনটোৱে গতি কৰিছিল
এখন নতুন জগতলৈ।
দেখিছিলোঁ হাজাৰ স্বপ্ন
এখন সেউজীয়া ধৰণীত
দুহাতত জোনাক লৈ,
ৰচিছিলোঁ প্ৰেমৰ কাহিনী।
চকুত উজাগৰী নিশাৰ আমনি
ওঁঠত অভাৱৰ শেতা পৰা কবিতা।
এনেকৈ পাৰ হয় দিন
পাৰ হয় ৰাতি,
পৃথিৱীৰ বুকুত শীত বসন্ত
যি সাজেই নাহক
সেই একে সাজ আজি,
মোৰ বাবে প্ৰতিটো ঋতুৰ
অপেক্ষা মাথো তোমাৰ বাবে।
Doksiri দকচিৰি, আগষ্ট, ২০২৪

No comments:
Post a Comment