বিচ্ছেদ গাঁথা
অৰ্চনা গীতা শইকীয়া
(এক)
এখন নৈ মোৰ প্ৰানেৰে বৈ আছে
য’ত ভৰ দি মই ‘মই’ হৈ উঠিছো।
মোৰ সমস্ত দুখত জুবুৰি লৈয়ো
নৈখন নীৰবে বৈ আছে ‘নৈ’ হৈ ।
(দুই)
এইমাএ পাকোপাইন ওফৰাই নৈখনে
মোৰ শৈশৱৰ বৰ্ণিল সাম্ৰাজ্যখন লৈ গ’ল
গাওঁখন ক্ৰমশঃ নেদেখা হৈ আহিল
মোৰ মনত সাংঘাটিক বিসম্বাদ
যিখন নৈ আৰু গাঁৱৰে সৰ্ম্পূণ হৈ উঠিছিল মোৰ ল’ৰালি
সিহঁতেই এটাই আনটোক গিলে
“মৰুভূমি আহে লাহে লাহে”।
(তিনি)
পৃথিৱীত এতিয়া ভৰপক শাওন
মই ‘মোক’ ক’ত লুকোৱাওঁ !
ক’ত হেৰাই যাওঁ মই !
মোৰ স্মৃতিৰ সকলো সীমনা বিদাৰি
এইবাৰ নৈখনৰ অন্তিম লক্ষ্য
হয়তো ‘মই’
Doksiri দকচিৰি, আগষ্ট, ২০২৪
No comments:
Post a Comment