বসন্ত-বৰ্ষা ঋতুৰ ডাৱৰীয়া বতৰ কৃষক ৰাইজৰ নাই কোনো দুখ-ভাগৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, July 31, 2024

বসন্ত-বৰ্ষা ঋতুৰ ডাৱৰীয়া বতৰ কৃষক ৰাইজৰ নাই কোনো দুখ-ভাগৰ

 

বসন্ত-বৰ্ষা ঋতুৰ ডাৱৰীয়া বতৰ

কৃষক ৰাইজৰ নাই কোনো দুখ-ভাগৰ


ড° দেৱজিৎ পেগু

অতিথি অধ্যাপক 

দৰ্শন বিভাগ 

গোগামুখ মহাবিদ্যালয় 


বসন্তৰ পাছত বৰ্ষা ঋতু আহিল ।

অসমৰ খেতি পথাৰ জলেৰে ভৰিল।।

নীল আকাশত কলীয়া ডাৱৰ। 

কৃষকৰ হৃদয়ত আশাৰ বতৰ।।

চিপ চিপ ৰিম ঝিম ধাৰসাৰ বৰষুণ।

খাল-বিল, জান-জুৰি,  জলাশয় আৰু নদ-নদীৰ জলচৰ প্ৰাণী আনন্দৰে ভৰপূৰ।।

আহাৰ-শাওণৰ আকাশত ৰ'দ- বৰষুণৰ লুকাভাকুৰ খেল; জলবায়ুৰ অবিৰত গতি।

কৃষকৰ খেতি পথাৰত জাৱৰ-জোঁটৰ আৰু কেঁচা বন-বননীৰ স্বাভাৱিক ৰূপান্তৰ জৈৱিক সাৰলৈ।।

আধুনিকতাৰ পৰশত ব্ৰেণ্ড কোম্পানীৰ ট্ৰেক্টৰৰ পয়োভৰ খেতি পথাৰত।

বিৰল দৃশ্য এতিয়া বলধ হালৰ নাঙল যুৱলী।।

বাৰিষাৰ বৃষ্টিত জুৰুলী-জুপুৰী কৃষকে দিয়ে শালি খেতিৰ আলি।

বোকা মাটিত জীয়ৰী বোৱাৰীয়ে ভূ-ৰোৱে সকলো দুখ ভাগৰ পাহৰি।।

আহাৰ-শাওণৰ বৰ বাৰিষাৰ প্ৰলয়কাৰী বানেও নি:শেষ কৰিবলৈ অপৰাগ...!!

তৎপৰতাৰে ব্যস্ত চৰকাৰী বিষয়া কৰ্মচাৰী তথা ৰাজনৈতিক নেতা, পালিনেতা আৰু কাৰ্যকৰ্তা।

কৃষকৰ সৃষ্টিৰ বাসনা আৰু তাড়নাত বসুমতী আইৰ লগত আজন্ম প্ৰেমৰ বান্ধোন।।

বাৰিষাৰ প্লাৱিত বান আৰু গঢ়া খহনীয়াই নৈপৰীয়া কৃষকৰ জীৱন হাহাকাৰ দুৰ্ভিক্ষৰ স'তে নি:শেষ কৰাৰ পৰিবৰ্তে...!!

কৰে দুসাহসী আৰু অক্লান্ত কৃষক যুদ্ধা।।

কেঁচা মাটিৰ গোন্ধই মতলীয়া কৰে কৃষকক।

আশাৰে ৰচে বছৰছেৰেকৰ সপোন খেতি পথাৰত।।

নিজ ভঁৰালৰ ভিন্ন জাতৰ ধনৰ ৰস অতি পুষ্টিকৰ।

ভাগ বতৰা  কৰাৰ প্ৰতিশ্ৰুতি সকলোৰে লগত।।

সকলো দেহধাৰী জীৱৰ ভোক-তৃষ্ণাৰ নিৰ্বাপণ কৰাৰ আপ্ৰাণ প্ৰয়াস কৃষকৰ।

সমিল মিলে ধৰিত্ৰী আইক চিৰ সেউজ কৰাৰ চিৰ পণ।।


Doksiri দকচিৰি, আগষ্ট, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages