বিশিষ্ট শিক্ষাবিদ- ভাষাতত্ববিদ টাবুৰাম টাইদ
বিজয় বৰি
অসমৰ অন্যতম জনজাতীয় জনগোষ্ঠী মিচিংসকলৰ কথিত ভাষাক লিখিত ৰূপত প্রতিষ্ঠা কৰাৰ অন্যতম কাণ্ডাৰী, বিশিষ্ট ভাষাবিদ, মিচিং আগম কীবাঙৰ প্ৰতিষ্ঠাপক সভাপতি, অসম চৰকাৰৰ চু-ক্যা-ফা বঁটা প্রাপক সাহিত্যিক, অসম সাহিত্য সভাৰ ‘বাসুদেৱ জালান বঁটা’ প্রাপক, সাহিত্য অকাডেমীৰ ‘ভাষা সম্মান’ উপাধিৰে বিভূষিত টাবুৰাম টাইদৰ জন্ম হৈছিল ১৯৪২ চনৰ ১ আগষ্ট তাৰিখে লখিমপুৰ জিলাৰ ঘৃনাসুতি অয়েজীয়া গাঁৱত। তেওঁৰ পিতৃৰ নাম প্রয়াত উববাং টাইদ আৰু মাতৃৰ নাম দেউতী টাইদ। উব্বাং আৰু দেউতীৰ টাবুৰাম আছিল পঞ্চম সংখ্যক সন্তান। টাবুৰাম টাইদে গাঁৱৰ ওচৰতে থকা টামচুক প্রাথমিক বিদ্যালয়ত ১৯৪৬ ৰ পৰা ১৯৫০ চনলৈ অধ্যয়ন কৰি পঞ্চম শ্রেণী উত্তীর্ণ হোৱাৰ পিছত ১৯৫১ চনত উত্তৰ লখিমপুৰ চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত নাম ভর্তি কৰে। এই বিদ্যালয়ত পঢ়ি তেওঁ ১৯৫৮ চনত কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত প্রথম বিভাগত মেট্রিক পৰীক্ষাত উত্তীর্ণ হয়। তাৰ পিছত কলিকতাৰ ৰামকৃষ্ণ মিচন আশ্রমত অধ্যয়ন কৰি ১৯৬০ চনত আই এছচি (I Sc) পৰীক্ষা উত্তীর্ণ হোৱাৰ পিছত কলিকতাতে ইংৰাজী বিষয়ত অনার্চ লৈ ১৯৬৩ চনত বি এ পাচ কৰে। তাৰ পিছত দিল্লী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি ১৯৬৬ চনত ইংৰাজী বিভাগত এম এ পরীক্ষা পাচ কৰে। অধ্যয়ন সমাপ্ত হোৱাৰ পিছত ইউ পি এছ চি (UPSC) পৰীক্ষা দি উত্তীর্ণ হয় যদিও স্বাস্থ্যজনিত কাৰণত চাকৰি লাভৰ পৰা বঞ্চিত হয়। ইফালে তেওঁ বি এ পাচ কৰাৰ পিছত কিছুদিন ঘিলামৰা উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰে। এইদৰে এম এ পাচ কৰাৰ পিছত ধেমাজি কলেজতো কিছুদিন অধ্যাপনা কৰে। ঢকুৱাখনা কলেজ প্রতিস্থাৰ সময়ত তেওঁ প্রতিষ্ঠাপক অধ্যক্ষ পদত কিছুদিন কাৰ্যনিৰ্বাহ কৰিছিল। অৱশেষত টাইদদেৱে ১৯৬৭ চনত গুৱাহাটীৰ কটন কলেজত ইংৰাজী বিভাগৰ প্ৰবক্তা পদত যোগদান কৰে। কটন কলেজত সুদীর্ঘ দিন অধ্যাপনা কৰি থকাৰ সময়তে গুৱাহাটী মহানগৰীত অধ্যয়নৰত মিচিং ছাত্র-ছাত্রী আৰু কর্মসূত্রে গুৱাহাটীত বসবাস কৰা মিচিংভাষী ৰাইজক লৈ গুৱাহাটী মিচিং কীবাং নামৰ এক সংগঠন ১৯৬৮ চনত গঠন কৰে। টাবুৰাম টাইদ আছিল গুৱাহাটী মিচিং কীবাঙৰ প্ৰতিস্থাপক সভাপতি। এই গুৱাহাটী মিচিং কীবাঙে মিচিংসকলৰ ভাষা- সাহিত্য আৰু কৃষ্টি-সংস্কৃতিৰ প্ৰসাৰ আৰু প্ৰচাৰত উদ্বুদ্ধ হৈছিল। গুৱাহাটী মিচিং কাঁবাঙৰ আলোচনা মর্মে ১৯৭১ চনৰ ১৬ অক্টোবৰত জ’নাইত তাকাম মিচিং পৰিণ কীবাং চমুকৈ টিএমপিকে আৰু ১৯৭২ চনৰ ১৮ এপ্ৰিলত শিৱসাগৰ জিলাৰ দিচাংমুখত মিচিং আগম কীবাং জন্ম লাভ কৰে। টাবুৰাম টাইদে ১৯৭২ চনৰ পৰা ১৯৮০ চনলৈ মিচিং আগম কীবাঙৰ সভাপতি পদত থাকি মিচিং ভাষা-সাহিত্য উত্তৰণৰ বাবে অশেষ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰিব লগা হৈছিল। মিচিং আগম কীবাঙৰ দ্বাৰা দীর্ঘ বছৰ পৰীক্ষা-নিৰিক্ষাৰ অন্তত ১৯৭৮ চনত সংশোধিত ৰোমান লিপিক মিচিং ভাষা হিচাপে গ্রহণ কৰা হয়। ইয়াৰ আগতে অসমীয়া আৰু ইংৰাজী ভাষাত মিচিং ভাষা চৰ্চাৰ যত্ন কৰা হৈছিল। ইফালে ৰোমান লিপিক চৰকাৰে ১৯৮৫ চনৰ ৩০ অক্টোবৰত 'মিচিং ভাষা' হিচাপে স্বীকৃতি প্রদান কৰে। আনহাতে ১৯৮১ চনত টাবুৰাম টাইদে এ পি এছ চি (APSC) ব অধীনস্থ এ ই এচ-১, হিচাপে নির্বাচিত হয়। এ পি এছ চি (এইএচ) উত্তীর্ণ হোৱাৰ পিছত তেওঁ প্রথমতে কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক হিচাপে নিযুক্তি লাভ কৰে। তাৰ পিছত ডি পি আই (DPI), ছেবা (SEBA)ৰ অধ্যক্ষ, এছ চি ই আৰ টি(SCERT)ৰ অধ্যক্ষ, অবিলাক (ABILAC)ৰ অধ্যক্ষ, ৰাজ্যিক বাচনি সমিতিৰ অধ্যক্ষ আদি পদত কার্যনির্বাহ কৰে। টাবুৰাম টাইদ এগৰাকী নিকা ভাৱমূৰ্ত্তিৰ শিক্ষা বিষয়া আছিল। তেওঁক চৰকাৰে যি দায়িত্বত নিয়স্ত কৰে তাকে নিষ্ঠা আৰু সততাৰে পালন কৰিছিল। তেওঁৰ সুদীর্ঘ কর্মজীৱনত কোনো কামত গাফিলতি বা অনিয়ম হোৱাৰ অভিযোগ নাই।
ৰচনা কৰা গ্ৰন্থঃ অত্যন্ত মেধা আৰু বুদ্ধিমতাৰ গৰাকী টাবুৰাম টাইদে ছাত্র অৱস্থাৰ পৰাই লিখা-মেলা কৰিছিল।
তেওঁ ১৯৫৬ চনত লখিমপুৰত পঢ়ি থকা অৱস্থাতে ‘মিৰ’ মিগল’ নামৰ মিচিং ভাষা-সাহিত্যৰ আলোচনী এখন সম্পাদনা কৰি প্রকাশ কৰিছিল। এইদৰে মিচিং ভাষা আৰু সংস্কৃতি বিষয়ক প্রবন্ধ ৰচনা কৰি বিভিন্ন কাকত-আলোচনীত প্রকাশ কৰিছিল। ইংৰাজী ভাষাতো তেওঁ প্রবন্ধ ৰচনা কৰিছিল। পণ্ডিত বাণীকান্ত কাকতিৰ জীৱন আৰু কৰ্ম সম্পর্কীয় ইংৰাজী ভাষাত এখন গ্রন্থ তেওঁ সম্পাদনা কৰিছে। মিচিং আগম আদয়িৰ (মিচিং ভাষা শিকা, ১৯৭১), মিচিং ভাষাৰ বানান পদ্ধতি (১৯৮৩), পমান মমান (১৯৮৪), একুঁকি নিবন্ধ (২০০৭), মিচিং গমপিৰ কুমচুং (মিচিং ভাষাৰ অভিধান, সম্পাদনা, ২০১০) মিচিং গমলাম পতিন-১, (মিচিং ভাষাৰ ব্যাকৰণ, ২০১৫), মিচিং গমলাম পতিন-২, (মিচিং ভাষাৰ ব্যাকৰণ, ২০১৭), ইংলিচ ফৰ স্কুল (ইংৰাজী ব্যাকৰণ) ইত্যাদি টাইদদেৱে ৰচনা কৰা মূল্যবান গ্রন্থ।
বঁটা-সম্মানঃ বিশিষ্ট সাহিত্যিক, ভাষাবিদ টাবুৰাম টাইদক চৰকাৰ তথা বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানে উপযুক্ত সম্মান, বঁটা আৰু উপাধিৰে বিভূষিত কৰিছে। তেওঁক মিচিং আগম কৗবাঙৰ দ্বাৰা ‘আগম মিগাং’ উপাধি (২০০৭), অসম চৰকাৰৰ দ্বাৰা চু-ক্যা-ফা বঁটা (২০১১), সাহিত্য অকাডেমীৰ ‘ভাষা সন্মান’ (২০১২), অসম সাহিত্য সভাৰ ‘বাসুদেৱ জালান বঁটা’, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ দ্বাৰা পি এইছ ডি উপাধি প্রদান কৰিছে। টাবুৰাম টাইদে গীত ৰচনা কৰি সুৰ দিছিল আৰু নিজেও গাইছিল। গুৱাহাটীৰ আকাশবাণী কেন্দ্ৰত তেওঁৰ কেইবাটাও বাণীবদ্ধ কৰা সংগীত আছে। ‘লংপ্লেয়িং ৰেকৰ্ড’ত তেওঁ আৰু ৰীতাদেৱী মেদকৰ সৈতে মিচিঙৰ প্ৰথম ‘আচি জিলি জিলিক.. শীৰ্ষত গীতটি বাণীবদ্ধ কৰিছিল। ড° ভূপেন হাজৰিকাৰ দ্বাৰা নিৰ্মিত ‘মিৰি জীয়ৰী’ কথাছবিৰ গীতসমূহ তেওঁৱে ৰচনা কৰি সুৰ দিছিল।
টাবুৰাম টাইদে ১৯৬৭ চনত ঘিলামৰাৰ চেনীৰাম চায়েজীয়াৰ কন্যা বাসন্তী চায়েজীয়াৰ সৈতে বিবাহ পাশত আবদ্ধ হয়। তেওঁলোকৰ দুটি সন্তান আছে ক্রমে মিৰান্দা আৰু মিলিন্দ টাইদ। বিয়াৰ পিছতে টাইদদেৱে গুৱাহাটীৰ বেলতলাত নিগাজিকৈ বসবাস কৰে। ২০১৯ চনৰ ১৭ আগষ্ট, গুৱাহাটীৰ এপ’ল হস্পিতেলত, ৭৭ বছৰ বয়সত বহুমুখীগুণৰ অধিকাৰী টাবুৰাম টাইদদেৱে ইহ সংসাৰ ত্যাগ কৰে। তেওঁৰ মৃতুৱে সমগ্র অসমবাসীৰ বাবে বৃহৎ ক্ষতি হিচাপে চিহ্নিত হ’ল। মিচিং আগম কৗবাং (সাহিত্য সভা)ৰ দ্বাৰা তেওঁৰ মৃত্যু দিনটোত (১৭ আগষ্ট) প্রতি বছৰে দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰি বিশিষ্ট শিক্ষাবিদ-ভাষাতত্ববিদ গৰাকীক শ্রদ্ধা জনাই আহিছে।
Doksiri দকচিৰি, আগষ্ট, ২০২৪
No comments:
Post a Comment