বাওঁপন্থী চিন্তাধাৰা আৰু ভাৰতীয় ৰাজনীতি
(অসমৰ প্ৰেক্ষাপটত)
জাতিৰাম কামান
স্বৰাজোত্তৰ ভাৰতীয় ৰাজনীতিত নেহৰুৰ দিনৰে পৰাই দুটা প্ৰধান ৰাজনৈতিক চিন্তাধাৰাৰে বিভাজিত হৈ আহিছে দেশৰ ৰাজনীতি।দেশীয় ৰাজনীতিৰ সোঁতে সোঁতে বিলীন হৈ প্ৰৱাহিত হৈ থকা শ্ৰেনীটো সৰল অৰ্থত সোঁ পন্থী আৰু সোঁতৰ বিপৰীতে গতি কৰা মুষ্টিমেয় কট্টৰপন্থী বৌদ্ধিক শ্ৰেনীটো বামপন্থীয়,যিসকলে শাসক শ্ৰেনীটোৰ কুশাসন (misgovernance) ক সময়ে সময়ে কঠোৰ সমালোচনা কৰি আহিছে।সেইচামকেই বাওঁপন্থী আখ্যা দি আহিছে ভাৰতীয় ৰাজনীতিকে যি চাম কম্যুনিষ্ট চিন্তাধাৰাৰে পুষ্ট।
সেইখিনিতে জানি লওঁ যে তথাকথিত এই বাওঁ পন্থীয় চিন্তাধাৰানো আচলতে কি?থোৰতে কবলৈ গলে বাওঁ পন্থী চিন্তাধাৰাটো আচলতে কাৰ্ল মাৰ্ক্সৰ মাৰ্ক্সীয় দৰ্শনৰ পৰা উদ্ধুদ্ধ ৰাজনৈতিক মতাদৰ্শ। মাৰ্ক্সীয় দৰ্শনৰ মূল তত্ত্বই হৈছে আৰ্তজনৰ হৈ কথা কোৱা। সৰ্বহাৰা শ্ৰেনীৰ হৈ ওকালতি কৰা আৰু নিপীড়িত শ্ৰেনীৰ হৈ মাত মতা। নিপীড়িত, নিষ্পেষিত জনতাৰ অধিকাৰৰ হকে যুঁজা আৰু তেওঁলোকে বিচৰা নূন্যতম মৌলিক অধিকাৰ যেনে - খাদ্য, বস্ত্ৰ আৰু বাসস্থানৰ বাবে আন্দোলন কৰা।পূঁজিপতি গোষ্ঠীৰ অনুকূলে শাসন কৰা শাসকগোষ্ঠীৰ পক্ষপাতদুষ্ট ৰাজনীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰা। চমুকৈ সেইখিনিয়েই হ’ল বাওঁ পন্থী চিন্তাধাৰাৰ মূল বৈশিষ্ট্য। সেই চিন্তাধাৰাৰ উন্মেষ পৰাধীন ভাৰতত প্ৰাক্ স্বাধীনতা কালত বৃটিছ উপনিৱেশিক শাসন কালৰ পৰাই ঘটিছিল আৰু স্বৰাজোত্তৰ কালত বৃটিছে এৰি থৈ যোৱা একেই শাসন ব্যৱস্থাৰ বিৰুদ্ধে বাওঁ পন্থী চিন্তাধাৰাৰে প্ৰসূত বৌদ্ধিক গোষ্ঠীটো সোচ্ছাৰ হৈ আহিছে দলিত শোষিত শ্ৰেনীৰ সপক্ষে শাসক শ্ৰেণীৰ বিৰুদ্ধে। ৰাজনৈতিকভাৱে সেই শ্ৰেণীটোক কম্যুনিষ্ট বুলি অভিহিত কৰে, যাৰ চিন্তাধাৰাক বাওঁ পন্থী আখ্যা দিয়া হয়।
সৰ্ব ভাৰতীয় স্তৰৰ পৰা মাৰ্ক্সীয় মতাদৰ্শৰ ছিটিকনি আমাৰ অসমতো ছুই গৈছিল সেই তাহানিতে অসম মূলুকতো। “য়ে আজাদী যুথ হ্যায়” বুলি আপোচহীনভাৱে সোচ্ছাৰ হোৱা কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ দৰে বিপ্লৱী শিল্পীক পঘাৰে বান্ধি কাৰাৰুদ্ধও কৰা হৈছিল। স্বাধীনতা সংগ্ৰামী বিষ্ণু ৰাভা স্বাধীনতাৰ আগতেও ১৯৩৫ চনত কাৰাবন্দী হৈছিল তিনিবছৰ আৰু স্বাধীনতাৰ পাছতো ১৯৫২ চনত কাৰাৰুদ্ধ হৈছিল। তেওঁ আজীৱন বামপন্থী আদৰ্শত বিশ্বাসী যুঁজাৰু সৈনিক আছিল।
আচলতে সৰ্বহাৰা শ্ৰেনীটোৰ হকে সংগ্ৰাম কৰা লৌহ পুৰুষ সকল সমাজৰ হকে ন্যায় বিচাৰি, সম মৰ্যদা বিচাৰি সময়ে সময়ে যুঁজ বাগৰ কৰি আহিছে প্ৰতিষ্ঠিত, সুখভোগ কৰি থকা সুবিধাবাদী শাসক শ্ৰেনীটোৰ বিৰুদ্ধে।
সাম্প্ৰতিক অসমৰ ৰাজনৈতিক আৱহ হাৱাতো তেনে পূঁজিবাদী শাসক গোষ্ঠীৰ লগতে সুবিধাবাদী শ্ৰেনীটো নথকা নহয়।
সেই শ্ৰেনীটোৱে সদায়েই পূঁজিপতি ধনীক কৰ্পোৰেট গোষ্ঠীৰ সপক্ষেই শাসন চলাই আহিছে আৰু তেনে শাসন ব্যৱস্থাৰ বিৰুদ্ধেই সময়ে সময়ে থিয় দি আহিছে বামপন্থীয় চিন্তাধাৰাত লেতু সেতু হৈ থকা সেই মুষ্টিমেয় ব্যক্তি বিশেষসকল।
বামপন্থী চিন্তাধাৰাৰে পুষ্ট তেনে এগৰাকী অক্লান্ত চিন্তানায়ক হল অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই “ডুপ্লিকেট মাল” বুলি অভিহিত কৰা প্ৰাচ্য পণ্ডিত ড° হীৰেন গোহাঁই দেৱ। মুখ্যমন্ত্ৰী মহোদয়ৰ মতে ড° হীৰেন গোহাঁয়ে সমুজ্জল ভট্টাচাৰ্য্য, অখিল গগৈ অথবা লুৰিনজ্যোতি গগৈৰ দৰে ৰাস্তাত নামি আন্দোলন কৰিব লাগে। পুলিচৰ ঔ-কিল খাব লাগে। তেহে মানিব তেওঁ যে সংগ্ৰামী নেতা অথবা আন্দোলনকাৰী নেতা।
অসম আন্দোলনত পুলিচৰ কিল নাখালেও কিন্তু অকাল পক্ক ছাত্ৰৰ দ্বাৰা ড= গোহাঁই ছাৰ শাৰীৰিকভাৱে অপদস্ত হোৱাৰ নিৰ্ল্লজ উদাহৰণ নথকা নহয়।
অশীতিপৰ বৰেণ্য চিন্তাবিদ ড° হীৰেন গোহাঁইক তেনে অপ্ৰীতিকৰ, অৰুচিকৰ মন্তব্য দিয়াৰ অন্তৰালত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কি অভিপ্ৰায় আছে তাকেহে আমি বুজি নাপালোঁ!
জাতীয় চেতনাবোধ থকা ঐতিহ্যপূৰ্ণ এখন ৰাজ্যৰ সুধী সমাজে নিশ্চয় তেনে অনাহুত মন্তব্য আশা নকৰে, বিশেষকৈ ৰাজ্যখনৰ শীৰ্ষত থকা এগৰাকী ব্যক্তি বিশেষৰ পৰা। তেনে মন্তব্যই নতুন প্ৰজন্মৰ কিশোৰ কিশোৰী, ছাত্ৰ ছাত্ৰীৰ মনত বিৰূপ প্ৰভাৱ পেলাব পাৰে! কাজেই, তেনে অসৌজন্যসূচক, অৰুচিকৰ মন্তব্য দিয়াৰ পৰা আতঁৰত থকাতো অসমৰ সুধী সমাজে বিচাৰে।
বিপৰীতে অসমৰ তেনে বহু বিদ্বৎ মহলে নিজকে যদি ড° হীৰেন গোহাঁইৰ সমতুল্য বুলি ভাৱে আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ মন্তব্যক গুৰুবাণী অথবা অমোঘ বাণী বুলি গ্ৰহন কৰে বা সহমত প্ৰদান কৰে তেন্তে আমাৰ কবলগীয়া একো নাই। কিন্তু আমাৰ দৰে গুণগ্ৰাহী নিঃকিন অনুগামীয়ে অসমৰ বৰেণ্য চিন্তাবিদ, ভাষা সাহিত্যৰ সাধক, অগ্ৰজ বিদ্বান ব্যক্তি সকলক কস্মিনকালেও তেনে তাচ্ছিল্য সূচক মন্তব্য কৰাৰ ধৃষ্টতা নকৰিম বা কৰিব যে নোৱাৰিম এয়া ধুৰুপ জানিব।
ৰাজনীতি আৰু আধ্যাত্মিকতা বেলেগ বস্তু। ড° হীৰেন গোহাঁয়ে ৰাজনীতি নকৰে। আধ্যাত্মিক চিন্তা চৰ্চা কৰা চিন্তানায়ক হিচাপে কেতিয়াবা কেতিয়াবা সমাজৰ বাবে মাজে সময়ে বাৰ্তা প্ৰেৰণ কৰে।ইয়াক প্ৰতিষ্ঠিত সমাজ ব্যৱস্থাই সাময়িক ভাৱে গ্ৰহন কৰিবও পাৰে নকৰিবও পাৰে! সেই বুলি তেওঁ অজীন পাতকি নহয়। চক্ৰেটিছ, গেলিলিও আদি পাশ্চাত্যৰ মহান পণ্ডিত সকলৰ অগ্ৰণী চিন্তাক সাময়িক কালৰ কূটিল সমাজ ব্যৱস্থাই গ্ৰহণ নকৰিবও পাৰে নতুবা অপৰিপক্ক সামাজিক চিন্তাই ঢুকি নাপাবও পাৰে কিন্তু কালৰ সোঁতত তেওঁলোকৰ অপ্ৰমাদী চিন্তাৰ প্ৰাৱল্যই যুগ যুগ ধৰি মানৱ সভ্যতাক জোকাৰি গৈছে। যুগে যুগে বন্দিত, পূজিত হৈ আহিছে তেওঁলোক। তেওঁলোকৰ ভ্ৰান্তিহীন সঠিক মতাদৰ্শই সমাজক দিক্ নিৰ্দেশনা দি আহিছে যুগে যুগে। সেই কথাবোৰ পাহৰিলে নহ’ব।
শেষত সংস্কৃতৰ এফাকি শ্লোকেৰে মুখনি মাৰিছোঁ। সা বিদ্যা য়া বিমুক্তয়ে। knowledge is that which liberates. জ্ঞানে সংশয় মুক্ত কৰে, অজ্ঞান অন্ধকাৰৰ পৰা বিমুক্ত কৰে মন মগজুক। অসমবাসীক সুমতি প্ৰদান কৰক। কিমাধিকম॥
Doksiri দকচিৰি, জুলাই, ২০২৪
No comments:
Post a Comment