সলনি হৈছো জানো মই?
অবিনাশ কিশোৰ শইকীয়া
গোলাঘাট, চিনাতলী
মানুহে কিয় নিজক সলাব নোৱাৰে?
কোনে কৈছে এনে অদ্ভুত কথা।
তেন্তে পাৰিছা জানো নিজক?
প্ৰত্যুত্তৰ বিচাৰি যেন হাবাথুৰি খালোঁ।
সঁচাকৈয়ে পাৰিছো জানো নিজক সলাব
মনলৈ আহে এক অবুজ কথা।
স্বাভিমান, খঙত
পৰিস্থিতিত বাধ্য হৈ কৈ দিওঁ
নিজক সলনি কৰিছো বুলি
কিন্তু পাৰিছো জানো?
আজিওচোন আগৰ মইজনে
হৈ আছো।
কেতিয়াবা কাৰোবাক যাৰ কাৰণে সলনি হৈছিলোঁ
তেওঁক দেখেলে স্থবিৰ হৈ যাওঁ
নিজক যেন ক’ৰবাত হেৰুৱাই পেলাওঁ
আজি ক’ৰবাত মোৰ ফুলষ্টপটো লাগি গ'ল।
সচাঁকৈয়ে পাৰিছাে জানো
নিজক সলনি কৰিব।
কিয় বাৰে বাৰে নিজকে আঘাত কৰো।
মাজ ৰাতি তোমাক লৈ কবিতা লিখো।
পিছে তুমি কোন
সলনি হৈছোঁতো মই।
তুমি নামৰ অস্তিত্ব পাহৰিব ধৰিছো।
ফালি পেলালোঁ তোমাক লৈ লিখা কবিতাবোৰ।
সচাঁকৈয়ে সলনি হ’লোঁ মই?
আজি অকলশৰীয়া মই
মৰুভূমিত নিৰৱ ভাৱে বিচৰণ কৰোঁ।
তুমি নামৰ সত্তাটো পাহৰি পেলালোঁ।
হুহ, হাঁহি উঠে নিজক লৈ
সপোনৰ কাৰেং সাজিবলৈ যাওঁতে বহু পথযাত্রীক আধাবাটতে এৰিলোঁ।
আজি মই সলনি হ’লোঁ
সচাঁয়ে নে?
Doksiri দকচিৰি, আগষ্ট, ২০২৪

No comments:
Post a Comment