নদীৰ প্ৰতিটো ভাঁজেই দেওলগা
ৰঞ্জন বর্মন
বগীনদী, লখিমপুৰ
ৰান্ধনী বেলিটোৰ সৈতে স্তব্ধ হৈ পৰিল মাঝীৰ ভটিয়ালী গীতবোৰ
দিনটো মুখৰিত কৰা চৰাইজাক কেতিয়াবাই উৰা মাৰিল
দূৰৰ সেউজীয়া পাহাৰখনলৈ
নদীৰ যিটো ভাঁজত একাদশীৰ জোনৰ পোহৰ কেৰেচীয়াকৈ পৰিছিল
তাতেই সৰি পৰিছিল মোৰ কেঁচা কলিজা
ক’ত বিচাৰি যাওঁ মোৰ হেৰুৱা কলিজা
নদীৰ প্ৰতিটো ভাঁজেই দেওলগা
ৰাতি হ’লেই নদীৰ ভাঁজবোৰত উঠি বহে একো একোখন গাঁও
উঠি বহে গাঁৱৰ বৰ নামঘৰটো
য’ত আইতাৰ আঁচলত ধৰি আইসভালৈ গৈছিলো
উঠি বহে গাঁৱৰ সোঁমাজত থকা প্ৰাথমিক বিদ্যালয়খন
য’ত জীৱনৰ প্রথম আদিপাত শিকিছিলো
উঠি বহে গাঁৱৰ ক্লাৱঘৰটো
য’ত মানিকীৰ দুচকুত প্ৰথমবাৰৰ বাবে দেখিছিলো নিজৰে ছবি
উঠি বহে গাঁৱৰ মূৰৰ শিমলুজোপা
যি এদিন সগৌৰৱেৰে বহন কৰিছিল গাঁওখনৰ পৰিচয়
পূব আকাশত পোহৰে ধলফাট দিলেই
মানুহবোৰ শিল হৈ পৰি ৰৈ পানীৰ তলত আৰু গাঁওবোৰ পৰিৱৰ্তিত হয়
বালিচন্দাৰ নগৰলৈ
ক’ত বিচাৰি যাওঁ মোৰ হেৰুৱা কলিজা
নদীৰ প্ৰতিটো ভাঁজেই দেওলগা
Doksiri দকচিৰি, আগষ্ট, ২০২৪

No comments:
Post a Comment