তমোঘ্নতাই যেতিয়া আকাশলংঘাৰ প্ৰতিযোগিতা কৰে - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, July 31, 2024

তমোঘ্নতাই যেতিয়া আকাশলংঘাৰ প্ৰতিযোগিতা কৰে

 তমোঘ্নতাই যেতিয়া আকাশলংঘাৰ প্ৰতিযোগিতা কৰে


জ্যোতিস্মিতা বৰা


কোন বিলাসী সন্ধ্যাত এই

হৃদয়ৰ কন্দৰত আলোকিত হোৱা

সপোন জাগে,

এপাহি ৰ’দ ফুল হোৱাৰ বাসনাই 

জীৱনৰ তিক্ততাবোৰ আঁতৰাই

শব্দৰাগৰ বীজ সিঁচে।


সেই সপোনৰ চ’ৰা ঘৰত যেতিয়া

কল্পনাই মেঘমল্লাৰ ৰাগীৰে 

এমুঠি ডাৱৰ ছটিয়াই,

তেতিয়াই হয়তো 

সৈনিকৰ মাতৃৰ বুকু 

দুঃস্বপ্নৰ বেদনাই খুন্দিয়ায়।


মৰ্মান্তিকতাৰ উদ্বেলিত আস্তাৱৰণ

পাহাৰত কল্লোলিত হোৱা

তৰঙ্গিনীৰ স্পন্দন,

দিগন্তত হেৰাই যোৱা বেলিয়ে আনে

জীৱন শেষৰ ক্ষণ।

পাহাৰৰ শিখৰত স্বৰলিপিত হোৱা

মৃত্যুৰ অক্ষৰত, 

অৰ্ধলিখিত কাহিনীৰ 

শোকাৰ্ত আৱাহন।


আৰু সেই ক্ষণতে 

ভাতৰ কাঁহীত জিলিকি উঠে

সুস্বাদু খাদ্য,

ইফালে পাহাৰত

জয়পৰা মালতীৰ সংঘৰ্ষ

আৰু সিফালে বাজে অৰ্গেনত বাদ্য।


নিশিৰ পাতত সেইদিনা তেওঁ দিছিল

ভাৰ্য্যাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি,

আৰু আজি পাইছে মাথোঁ

তুলসী তলত শান্ত শৰ অৱস্থিতি।


কলীয়া মেঘৰ জুলুঙাবোৰে

আকাশ ঢাকিছে,

বিচ্ছেদৰ সোণাৰুফুলীয়া কলি

বিৰিখৰ পৰা খহি পৰিছে।


দেহৰ কামিজ শোণিতাক্ত হ’ল 

পদূলিত জিলিকিল

 চিনাকি মুখাবোৰ,

মেঘবন্দৰত মলঙি উঠিল

চিতাৰ জুইৰ তপততাত 

সৈনিকৰ হিয়াৰ আঁচোৰ।


Doksiri দকচিৰি, আগষ্ট, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages