এক চতুৰ্থাংশ কবিতা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, July 31, 2024

এক চতুৰ্থাংশ কবিতা

 এক চতুৰ্থাংশ কবিতা...


                               গায়ত্ৰী দেৱী বৰঠাকুৰ

                               শোণিতপুৰ, তেজপুৰ


জীৱনৰ এক চতুৰ্থাংশ সুবাস 

তোমালৈ থৈ 

মই  হ'ব পৰা নাই আকাশ 

অথচ প্ৰতিদিনেই বিচাৰোঁ

গোপনে তোমাৰ বুকুতো  ফুলক ৰ’দৰ ফুল  


জীৱনৰ এক চতুৰ্থাংশ ভালপোৱা

তোমালৈ থৈ

 মই  হ'ব পৰা নাই সেউজীয়া  

অথচ প্ৰতিদিনেই আঁওৰাও 

ভালপোৱাৰ নিৰ্ভেজাল কবিতা


জীৱনৰ এক চতুৰ্থাংশ হালধীয়া 

তোমালৈ থৈ

মই হ’ব পৰা নাই প্ৰেমিক কবি  

অথচ প্ৰতিদিনেই চহাও

 শইচৰ পথাৰৰ সুগন্ধি শব্দ


 জীৱনৰ এক চতুৰ্থাংশ বৰষুণ 

তোমালৈ থৈ 

মই  হ’ব পৰা নাই সোণাৰু 

অথচ প্ৰতিদিনেই মেলি লওঁতো

মাৰ নামৰ মেঘমল্লাৰ বুৰঞ্জী....(!!!!) 


Doksiri দকচিৰি, আগষ্ট, ২০২৪

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages