হেঁপাহ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, July 31, 2024

হেঁপাহ

 

হেঁপাহ


          অন্নপূৰ্ণা বৰা

              যোৰহাট


তোমাক লগ পাওঁতে

ভবা নাছিলো তুমিয়েই যে

এদিন মোৰ আকাশ বতাহ হ’বা

মোৰ উশাহৰ প্ৰতি পলত

তুমিয়ে মোৰ সপোন দেশৰ

ৰাজকোঁৱৰ।


তুমি দি যোৱা সুৰুযৰ

কিৰণ মোৰ সমগ্ৰ সত্বাত

এক অনামি শিহৰণ

প্ৰতি পুৱা মাথোঁ তুমি তুমি


মই নস্তালজিক হওঁ

মতলীয়া হওঁ তুমি দি যোৱা

কিৰণৰ পৰশত

অবুজন মন অবুজন ভাষা

নিলাজ সপোনৰ….


তুমি মোৰ দুৰন্ত হেঁপাহ

জীয়া জীয়া বাসনা

তোমাৰ দুচকুৰ আকুলতাত

হেৰাই গ’লো কোনোবা কাহানিতে

তুমি অনিৰুদ্ধ হ’লা

মই উষা হৈ ধৰা দিলোঁ

মোৰ তেজত উমলিব দিয়া

তোমাৰ তিশটা বসন্তৰ

সাঁচি ৰখা হেঁপাহ ।।


Doksiri দকচিৰি, আগষ্ট, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages