বিদেহ আত্মা
দেবানন্দ পেগু
জ’নাই
পোহৰে হওক বা আন্ধাৰে হওক তুমি বাট ল’লা উভটি নহা বাটেৰে
পিন্ধি থকা পোচাকযোৰ এৰি থৈ
গৰাকী বিহীন পোচাকযোৰ খন্তেক পাছতে সমাজৰ ৰীতি-নীতি মতে নিলগাই ৰখা হৈ সযতনে।
পৰিত্যক্ত পোচাকযোৰ কোনেও আৰু এবাৰলৈ চাব নোখোজে।
তুমি কেতিয়াও উভটি নাহে বুলি জানিও ক’ব নোৱাৰাকৈ অপেক্ষা কৰি থাকে কিজানিবা আকৌ ঘূৰি আহে।
তোমাৰ হৃদয়ৰে আঁচোৰা আক-বাকবোৰ মচিব নোৱাৰাকৈ চকুযোৰত ভাঁহি থাকে।
তোমাৰ কাণ্ডত ধৰি পাহাৰ বগাব বিচৰা সকল নিঠৰুৱা হয়।
সমবেদনা, শান্ত্বনাৰে খন্তেকৰ বাবে উপচি পৰে
মানুহৰ গছকত চোতালৰ দূৱৰি নোহোৱা হয়
সময়ৰ আহ্বানত চোতালৰ দূৱৰিবন পুনৰ মূৰ দাঙি থিয় হয়
তেতিয়াও অকলশৰে অপেক্ষা কৰিয়ে থাকে বুকুৰ আপোনজন
কেতিয়াবা মাজনিশা, কেতায়াবা নিজান বনত তোমাৰ চিঞৰ শুনা পায়
কেতিয়াবা টোপনি নহা সময়ত মূৰত হাত বোলাই মৰম কৰা দেখা পাঁও
কিন্তু এইয়া মনৰ পঁজাটি ভাঙি থৈ যোৱা এক ধুমুহা বতাহ
ৰৈ ৰৈ আমনি লগা হয়, তোমাৰ বাবে সাঁচি ৰখা পথাৰখনত বন গজে
একেলগে দেখা সপোনবোৰ ঘুনে ধৰে
খং অভিমানবোৰ মৰুভূমিত পৰিণত হয়
নতুনকৈ ৰুব বিচাৰিলেও জীৱন বিৰিখত গীত গাবলৈ পখী নাহে
শূন্য আকাশত তোমাৰ খোজ বিচাৰি বিচাৰি এদিন বাট ল'ব লাগিব তুমি যোৱা বাটেৰে।
Doksiri দকচিৰি, আগষ্ট, ২০২৪
No comments:
Post a Comment