আছে নেকি ভঙা ছিঙা বস্তু
ববিতা দাস
তামুলপুৰ
বৰষুণ অথবা ৰ’দ
মোৰ বাটৰ হেঙাৰ হৈ থিয় হ’ব নোৱাৰে
চাইকেল খনৰ কেৰমেৰ শব্দৰ
সৈতে টানি লৈ ফুৰো
ঠেলা গাড়ী এখন
আৰম্ভ হয় মোৰ জীৱন যুদ্ধ
চকা ঘূৰি থাকে আৰু
হাতত থাকে বহুত নিমিলা অংক
ভাত মুঠিৰ যোগাৰত বিয়োগ হৈ যায়
কাপোৰ অথবা ঔষধ
তথাপি মাৰ নাযায় হাঁহি
আপোনালোকৰ ভঙা অদৰকাৰী বস্তুবোৰেৰে ধৰি ৰাখো এই পৰো পৰো
মোৰ ঘৰৰ চাল খন
আপোনালোকৰ বিলাসীতাৰ খালি পাত্ৰবোৰে পূৰ্ণ কৰে মোৰ ঘৰৰ চাউলৰ পাত্ৰটো
আপোনালোকৰ ভঙা বস্তুৰে জোৰা লগাবলৈ
নিতৌ প্ৰয়াস কৰো
মোৰ সপোনক
আপোনালোকে দাম বঢ়ায় আপোনালোকৰ মূল্যহীন সম্পদ বোৰৰ
আৰু মই খুচুৰা মুদ্ৰা বোৰত মুঠি মাৰি ধৰো মোৰ আপোন বোৰৰ জীৱন চাহিদা !!
আছে নেকি আপোনাৰ ঘৰত অপ্ৰয়োজনীয় ভঙা ছিঙা বস্তু
আছে যদি মাত দিয়ক এবাৰ মোক
দুদিন পাৰ হৈ গ’ল জানে, জ্বলা নাই মোৰ ঘৰৰ চৌকা।।
Doksiri দকচিৰি, আগষ্ট, ২০২৪

No comments:
Post a Comment