কথা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, July 31, 2024

কথা


 কথা


              হিমাংশু শইকীয়া 


কথা শিল হোৱা 

শিলে কথা কোৱা

বৰষুণ হৈ কথাবোৰ 

সৰি থকা।


কবিতাবোৰৰ মন বেয়া হলে

কথা ক’ব জানে

অথচ আমি কবিতা হ’ব পৰা নাই।


শব্দবোৰে যন্ত্ৰণা পালে

ইটোৱে আনটোৰ গাত ভেজা দি

কন্দিব জানে

শব্দবোৰৰ কান্ধ আছে

আমাৰ কান্ধ নাই।


কথাবোৰৰ কথা শেষ হোৱা 

আমি কথা ক’বলৈ পাহৰা

আপুনি কথা শুনিবলৈ এৰা

মৌনতাই কথা কোৱা।


কথাবোৰত এলান্ধু লাগি

শব্দবোৰ যুক্তাক্ষৰ হৈ পৰা

তাক ভাঙিবলৈ কিমান মৌনতা?


অকথাৰ টোপনি বেছি

কথাবোৰৰ টোপনি নাই

আমি টোপনিয়াই থাকোঁ

স্মৃতিবোৰে কথাবোৰ চুৰ কৰে।


কথাবোৰ কবিৰ হাতৰ কলম

আমি দুৰ্ভগীয়া 

আমাৰ হাত নাই।।


Doksiri দকচিৰি, আগষ্ট, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages