বৰ অসহায় লাগে
(মাৰ সোঁৱৰণত)
দীপ হেষ্টিংছ বৰি
While walking down the
Path of a dream
Suddenly the fiber of dreams was lost
গুপুতে গুপুতে সৰে অশ্ৰুধাৰা
বুকুতে উঠে নামে সোঁৱৰণিৰ ঢৌ
নিঃশব্দে বৈ যায় বিষাদৰ নৈ
কোনেও নুবুজা, বুজাবও নোৱাৰা
কাকোৱেই ক’ব নোৱাৰা
এটা বছৰ নহয় যেন এয়া
এটা যুগ
তুমি প্ৰিয়তম অবিহন !
সপোন এটাৰ বাটেৰে গৈ থাকোঁতে
হাততে হেৰাল সপোনৰ সাহ
সপোনো লুকাল আশাও নুমাল
দিন জ্বলি জ্বলি ৰাতি হয়
ৰাতি গলি গলি দিন হয় বাৰে বাৰে
এবাৰ হেৰাই যোৱা বুকুৰ আঁহ
উভতি নাহে
বৰ অসহায় লাগে ভাৱিলে
য’ত মোৰ হিয়া আছিল
এতিয়া মাথোঁ শোকগাঁথা !
Doksiri দকচিৰি, আগষ্ট, ২০২৪
No comments:
Post a Comment