বহুদিন
ইলামণি শইকীয়া
কথাই মানুহক তাৰিব পাৰে
কথাৰে মাৰিবও পাৰে
মৰা মানুহক কথাৰে জীয়াব পৰাটো এক কলা৷
কথাই মানুহক মহাজীৱনৰ বাট দেখুৱাব পাৰে
কথাৰে পংকিলতাৰ খাদলৈ ঠেলিয়ো দিয়ে
ডুবিব ধৰা মানুহলৈ খেৰ এডাল আগবঢ়াই দিব পৰাটো
গুণ নহ’লেও ধৰ্ম...
এতিয়া বিচাৰৰ দায়িত্ব আপোনাৰ...
কাক মাৰি আপুনি
হত্যাকাৰী হ’ল!
কাক তুলি ধৰি (যদি ধৰিছিল তুলি)
আজীৱন কাৰোবাৰ চকুত
মহাদাতা হৈ ৰ’ল…
Doksiri দকচিৰি, আগষ্ট, ২০২৪
No comments:
Post a Comment