মিংমাঙলৈ কেতিয়া আহিবা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, July 31, 2024

মিংমাঙলৈ কেতিয়া আহিবা

 

মিংমাঙলৈ কেতিয়া আহিবা


ৰীতে ৰিদম


মিংমাঙলৈ কেতিয়া আহিবা

তোমাৰ বাবে পাৰি থৈছোঁ 

সেউজীয়া দলিছা


মই পাহাৰ হ’ম

তুমি নদী হ’বা


মিংমাঙলৈ কেতিয়া আহিবা 

তোমাৰ বাবে উদযাপন কৰিম

পাহাৰৰ সেউজীয়া উৎসৱ

মই ছাঁ দিম

তুমি তাত সেউজীয়া ঘাঁহ হৈ গজিবা

মিংমাঙৰ বতাহ বৰষুণ আৰু শিশিৰৰ টোপালত

যৌৱনমতী হওঁক তোমাৰ দেহা

মিংমাঙৰ নিৰিবিলি ছাঁত

তোমাৰ স’তে যাপন কৰিম মোৰ ভালপোৱা


পাহাৰে কোনোদিন অহংকাৰ

আৰু অভিমান নকৰে

সাগৰৰ দৰে বহল

আকাশৰ দৰে বিশাল এখন হৃদয় আছে

সেয়ে সকলো সুখ আৰু দুখৰ

সতে বিনিময় কৰিব পাৰে


সেয়ে মই পাহাৰ হওঁ

তুমি নদী হোৱা

চিৰদিন চিৰকাল

মোৰ বুকুৱেদি বৈ থাকিবা…


Doksiri দকচিৰি, আগষ্ট, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages