হামিদ
গায়ত্ৰী দেৱী বৰঠাকুৰ
তেজপুৰ
বয়স নোহোৱাকৈ বুজন হৈ পৰা হামিদক আজি চিনাকি কৰি দিওঁ বুলি ভাবিছোঁ
সময় আছে নে আপোনাৰ?
আইতাকৰ বাবে লোহাৰ কিনা হামিদক চিনি পায় চাগে আপুনি
হামিদ বোৰ বাৰু মেছিঅৰেই নেকি
যা হক এই হামিদ সেই হামিদ নহয়
এইজন হামিদ কাশ্মীৰৰ
অ’ কাশ্মীৰ
ভূস্বৰ্গ কাশ্মীৰ
যাক আপুনি পিঅ'কে বুলি জানে
যাৰ এখন নিজা সংবিধান আছে
য'ত আপুনি মাটি কিনিব নোৱাৰে
কৰিব নোৱাৰে বেহা বেপাৰ
আনকি কৰিব নোৱাৰে কন্যাৰো আদান- প্ৰদান
য’লে
হাত ধন থাকিলেও আপুনি যাওঁ যাব নোৱাৰে যাওঁ বুলি
পিছে শুনিছো
তাত এতিয়া বাতিল কৰা হৈছে 370
জানেই চাগে
কেনে এতিয়া পৰিস্থিতি
যাব পাৰি নে
স্কুল, কলেজ খুলিছে !!!!
প্ৰথমে 370
ক’ভিড - 19
বাৰু থাকক
কথাবোৰ ক’ৰবাৰ পৰি ক’ৰবালৈ গতি কৰিছে
আচলতে
হামিদ আৰু হিমাৰা হিন্দুস্তান একেই
সমস্যা জৰ্জৰিত
সদায়ে
হামিদে বুজে
তাৰ শিৰত বন্দে মাতৰমৰ তেজ
তথাপি
হামিদে কোৱালিফাই কৰিব নোৱাৰে অগ্নিপৰীক্ষাৰ টেষ্ট
ইট’চ হিজ ৱন'লি হানডেট্থ এটেম্প্ট
হিজ এজ ইজ ৱনলি.....টেন....
Doksiri দকচিৰি, জুলাই, ২০২৪


No comments:
Post a Comment