বৰ্ষণ মুখৰ চোতালত
দিপ্তী মনি গোস্বামী
লখিমপুৰ
বৰ্ষামুখৰ পুৱাটিত জুৰুলি-জুপুৰী
সদ্য গৰ্ভৱতী সুঠাম ধৰণী
বৰুণৰ কলহত উৰুলিৰ লহৰত
থৌকি-বাথৌ হিয়াখনি।
প্ৰেমাস্পদ ঋতুৰাজ বসন্তৰ
আলিংগনৰ চুমাবোৰ উঠিছে জিলিকি
সমুদ্ৰৰ তীৰৰ মুকুতাবোৰৰ দৰে
বাৰেবৰণীয়া ৰহণ সানি।
প্ৰাপ্তিৰ প্ৰাচুৰ্যৰে ভৰপূৰ উঠন দেহাত
ৰিণিৰিণি বাজে দেখো বিষাদৰ অজুহাত
স্ব-গৌৰৱে মনোৰম সুবাস বিলাই থকা
ব্লিডিং হাৰ্টৰ সুকোমল হিয়াত।
সিহঁতৰ হয়তো ভয় লাগে মানৱলৈ
ভয় লাগে ৰুদ্ৰ ৰূপধাৰী সংহাৰী প্ৰকৃতিলৈ
জানোচা পলকতে হৈ যায় থানবান
সৰগী হাঁহিৰ সিহঁতৰ কপাহ কোমল হৃদয় খন।
মানৱৰ যে অপৰিসীম অভাৱৰ কৱলতেই
খঁকবোৰে অনায়াসে গিলি শেষ কৰে
শ্যামলীৰ শীতল কোলাৰ অনেক তামৰঙী সপোন
আৰু সেউজীয়া চাদৰৰ আচলখন।
জীৱ শ্ৰেষ্ঠৰ খঁকতেই কেতিয়াবা কোপিত হয়
শীতলা সুন্দৰী প্ৰকৃতি ৰাণী
সংহাৰী ৰূপৰ অৱতাৰ লৈ তাণ্ডব চলায় যেনি তেনি
তেতিয়াই বিচ্ছিন্ন হয় বিল্ডিং হাৰ্টৰো আপোন ঘৰখনি।
দেহে মনে পুলকিত শিহৰণ জগোৱা
বৰ্ষাৰ আগমণৰ জীপাল বৰষুণৰ ক্ষণতেই
তাণ্ডৱী হয় কোপিত সংহাৰী ৰাণী
বহু প্ৰস্ফুটিত ভ্ৰূণৰ জন্মৰ ক্ষণতেই হয় আলৈ আথানি
Doksiri দকচিৰি, আগষ্ট, ২০২৪

No comments:
Post a Comment