বীজগণিতৰ সূত্ৰ সলনি হ’ল - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, July 31, 2024

বীজগণিতৰ সূত্ৰ সলনি হ’ল


 বীজগণিতৰ সূত্ৰ সলনি হ’ল


ৰিজু মণি বৰা

নগাঁও


বীজগণিতৰ সূত্ৰ সলনি হ’ল

বজাৰত মুখাৰ চাহিদা বৃদ্ধি হ’ল

সকলোৱে ৰকম ৰকম মুখা পিন্ধি

আগবাঢ়িব পৰা হ’ল


শিল ভঙা মানুহে 

পেটত গামোচা মাৰিব লগীয়া হ'ল

আৰু…

ভৰি চেলেকা মানুহৰ 

জয় জয় ময় ময় হ'ল

বীজগণিতৰ সূত্ৰ যে সলনি হ'ল।


অভিনয় কৰিব পৰা মানুহবোৰ 

ৰণত জিকি গ’ল

নক্ষত্ৰৰ দৰে আকাশত উজলি উঠিল,

পানীত মুখ থকা মানুহবোৰে

টাপলি মৰা চোলা পিন্ধি

সপোনবোৰ টাপলি মাৰি

আধা ভঙা কলিজা এখন

বোকোচাত কঢ়িয়াই ফুৰিব লগা হয়

বীজগণিতৰ সূত্ৰ যে সলনি হ’ল!


Doksiri দকচিৰি, আগষ্ট, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages