অনুভৱ
ড° মীনা দেৱী বৰুৱা
ডুমডুমা, তিনিচুকীয়া
ব্যস্ত চহৰখন। মানুহবোৰ সহজ সৰল। মনবোৰ উদাৰ; কিছু পৰিমাণে বাস্তৱবাদীও। এই চহৰখনতে এখন ৰাজহুৱা সভাৰ আয়োজন কৰা হৈছে। মমতাকো নিমন্ত্ৰণ কৰিছে বিশিষ্ট অতিথিৰূপে। ৰাজ্যখনত জ্যেষ্ঠসকল যেন কিছু পৰিমাণে নিৰাপত্তাহীনতাত ভুগিছে। এই বৃহত্তৰ অঞ্চলটোত জ্যেষ্ঠসকলৰ বাবে সুবিধাজনক আৱাস এটাৰ পৰিকল্পনাতেই এই সভাৰ আয়োজন।
মমতা তিনিকুৰিৰ দেওনা পাৰ হ'ল। মন আৰু শৰীৰেৰে চকুত লগাকৈ সুস্থ। দাপোণখনে এতিয়ালৈকে ভ্ৰূকুটি কৰা নাই। তথাপি ভৱিষ্যতৰ কথা ভাবিবই লাগিব। ল'ৰা ছোৱালী উচ্চ শিক্ষাৰে শিক্ষিত। সংস্কাৰীও। ভাল লগা সংসাৰ সিহঁতৰ। চাকৰিসূত্ৰে ঘৰৰপৰা বহু আঁতৰত।বহুজাতিক কোম্পানীৰ দায়িত্বশীল চাকৰিয়াল হিচাপে ব্যস্ত জীৱনযাত্ৰাত সিহঁত অভ্যস্ত। অভ্যস্ত হোৱাটোও একপ্ৰকাৰ বাধ্যবাধকতাই। কেতিয়াবা ভাব হয়, চাকৰিৰ তাড়নাত, গতানুগতিকতাত সিহঁতে কিছু যেন হেৰুৱাইছে! সিহঁতে আক্ষেপ নকৰিলেও মমতাই বুজি পায়। মমতা সিহঁতৰ মাক।
আয়নাখনলৈ ভয় কৰা সময়ত মমতাৰো হয়তো অৱলম্বনৰ প্ৰয়োজন হ'ব। সৌ সিদিনাৰ কথা। কাষৰ ঘৰৰে জ্যেষ্ঠ সদস্য এজন ষ্ট্ৰক হৈ বিছনাৰ পৰা পকাত বাগৰি পৰিল।তেখেতৰ পৰিবাৰ ইতিমধ্যে ঢুকাইছে। ঘৰৰ প্ৰথম মহলাত তেখেতৰ ল'ৰা ভিডিঅ'যোগে অফিচৰ কামত ব্যস্ত হৈ থাকোঁতে ল'ৰাই গমেই নাপালে দেউতাকৰ কথা। মিটিং শেষ কৰি তলৰ মহলালৈ আহোঁতেহে দেউতাক পৰি থকা দেখা পাই লৰালৰিকৈ হস্পিতাললৈ লৈ যোৱাত মানুহজন বাচিল। পুতেকক দোষিবও নোৱাৰি। উপায় নাই।
কাৰো সময় কাঢ়ি ল’বলৈ মমতাই নিবিচাৰে। গৃহস্থৰ লগতো কথাপাতে, এই সময়ছোৱাত জ্যেষ্ঠসকলৰ বাবে এক আৱাসৰ প্ৰয়োজনীয়তাৰ কথা। তেওঁ হাঁহি মাৰি উৰাই দিয়ে। ভিতৰি তেৱোঁ হয়তো চিন্তা নকৰা নহয়।
মমতাই সিদ্ধান্ত ল’লে, জ্যেষ্ঠসকলৰ আৱাস যদি এই চহৰখনত গঢ়ি তোলাৰ সিদ্ধান্ত হয়, তাই আবেদন কৰিব। সদায় স্বাধীনভাবে অতিক্ৰম কৰি অহা জীৱনৰ শেষ সময়লৈকে স্বাধীনভাবেই থকাৰ সিদ্ধান্তত তাই প্ৰশান্তিৰ হাঁহি এটা মাৰিলে। ইমানদিনে সামূহিকভাবে সিদ্ধান্তবোৰ লৈ আহিছিল। জীৱনৰ এই কঠিন সিদ্ধান্ত আজি অকলে লৈ তাই অত্যন্ত সুখী।
No comments:
Post a Comment