কাঁচিজোন
সিদ্ধাৰ্থ শংকৰ
আকাশত হাঁহে কাঁচিজোন
প্ৰিয়তমাৰ সাজোন-কাচোন
দুগালত তোমাৰ দুপাহি কৃষ্ণচুড়া
উফন্দি উঠে যৌৱনৰ মোহনা
অনুভৱত বৰ্ষাৰ সিক্ত সেউজীয়া !
যৌৱনৰ বৰষুণত
কপালৰ ৰান্ধনী বেলিটো
বিয়পি পৰিব
যৌৱন মোহনাৰ লক্ষ ঢৌ
দুগালেদি বৈ
মজিয়াত সৰি জিৰণি ল’ব।
উশাহৰ ভৰত ৰজনী নাচিব
জীৱনে জীৱনৰ সাধু ক’ব….
Doksiri দকচিৰি, আগষ্ট, ২০২৪
No comments:
Post a Comment