হোষ্টেলৰ এনিশা…
নৱকমল হাজৰিকা
যোৰহাট
নিশা হ’লেই
উদাস উদাস লগা
হোষ্টেলৰ কোঠাৰ দেৱালত ওলমি ৰয়
সদ্যোজাত ডেকা যৌৱনৰ হুমুনিয়াহবোৰ…
কোঠাই কোঠাই সৃষ্টি হয় স্বপ্নবিহীন কোলাহলৰ…
সন্ধিয়া হ'লেই খোজৰ গিৰিপনিত আকৌ এবাৰ
প্ৰাণ পাই উঠে সৰীসৃপৰ দৰে শুই পৰা দীঘল কৰিড’ৰতো…
দুৱাৰৰ ধক্ ধকনিত গাভৰু হয় নিশাৰ জোনাক…
প্ৰজেক্ট, এছাইনমেন্টৰ চাকনৈয়াত তেঁওলোক হেৰাই কৰ'বাত…
প্ৰেমৰ ওজন সহিব নোৱাৰা কোনো মাতাল বন্ধুয়ে ঢালি লয় স্ফটিকৰ গ্লাছত অলপমান বিষাদ…
হয়তো কোনোৱে গুৱেভেৰা নাইবা লেনিনক সুৱঁৰি আত্মগোপন কৰে নিজৰ মাজত…
আৰু উইলছৰ ধোঁৱাৰে এখন ধূসৰ আকাশ গঢ়ি মনত পেলাবলৈ চেষ্টা কৰে বিচ্ছেদিত প্ৰেমৰ অতীতক…
নিশা হ'লেই…
হোষ্টেলৰ প্ৰাংগনত
মাৰ্কশ্বিটৰ কঠোৰ চাবুকৰ কোব পাহৰি আকৌ এবাৰ জন্ম হয় একো একোটা জীৱনৰ…
চাৰিওফালে সিচঁৰিত হয়
প্ৰাণোচ্ছল হাঁহিৰ টুকুৰাবোৰ…
আঙুলিৰ পৰশত কাৰোবাৰ গীটাৰত সৃষ্টি হয় এটাৰ পিছত আনটো সুৰৰ।
নিশাবোৰ চুটি হৈ আহে ক্ৰমশঃ…
বুকুত ভিৰ কৰেহি হেজাৰ সপোনে,ভৱিষ্যতৰ এক সেউজীয়া কল্পনাই…
ভাগৰুৱা দেহাৰে পুৱতি নিশা ঢলি পৰে মলিয়ন শেতেলিত…
কাইলৈ আকৌ এবাৰ জীৱনটোৰ লগত নতুনকৈ যুঁজ দিয়াৰ প্ৰতিশ্ৰুতিৰে।।
Doksiri দকচিৰি, আগষ্ট, ২০২৪
No comments:
Post a Comment