মৰহি নাযায়
সানিধ্য শইকীয়া
শিৱসাগৰ, আমগুৰি
আজিও কিছুমান ফুল বৃদ্ধ বয়সত মৰহি নাযায়
ভালপোৱাৰ সতেজতাত প্ৰতি
মুহূৰ্ততে ফুলি থাকে
সময় এনেকুৱা এখন বাহন
যাৰ ব্ৰেক নাই,লগতে ৰিভাৰ্ছ গিয়াৰো নাই
সকলোৱে সময় পায়
জীৱন সলনি কৰিবলৈ
কিন্তু জীৱনে সময় সলনি কৰিবলৈ পুনৰ নাপায়
সেইবাবেই সময়ৰ প্ৰতিটো মুহূৰ্তক
মৰম আৰু আনন্দৰে ব্যৱহাৰ কৰা উচিত
সংগ্ৰাম নাই, কষ্ট নাই
তেন্তে জীয়াই থকাৰ মজা কি
লক্ষ্য বুকুত থাকিলে ধুমুহাও বন্ধ হৈ যাব
যদি সময় বেয়া হয়
তেন্তে কঠোৰ পৰিশ্ৰম কৰক
আৰু যদি ভাল
তেন্তে কাৰোবাক সহায় কৰক
Doksiri দকচিৰি, আগষ্ট, ২০২৪
No comments:
Post a Comment