এটা বিক্ষিপ্ত বিয়লি
অৰূপ কুমাৰ দাস
মেঘমায়াৰ ছাঁ এৰি
ছো মাৰি সাউতকৈ
বুকুত পৰিলহি এটা বুলবুলি
তেনেই খাটি বুকুৰ মাটি
মেখেলা কঁপোৱা বতাহে সুধিলে
এতিয়া কি কৰিবা কবি?
শ্মশানৰ ছাই পৰি
চকুত এন্ধাৰৰ এখন সাগৰ
লাউৰ পুলি লৰাই ৰুলে বাঢ়ে নে নাবাঢ়ে,
এচলু লোতকে ধুই দিব পাৰেনে
নামহীন নোপোজা দুখৰ
নিৰ্যাতিত শৰীৰ ?
বজাৰৰ জুই যেন এডাল তীক্ষ্ণ তীৰ
বুকু ভেদি চিত্-ভোলোঙা
অজস্ৰ ৰাম
অমৰাৰ কেঁহা বিস্বাদ
আমাৰ জিভাই জিভাই
তুমি কি কৰিবা কবি
বুকুত খুঁটিয়াই মোৰ ওঁঠতেই
ঠোঁট লেটিয়াই এইমাত্ৰ উৰি যে গ’ল
এটা বুলবুলি!
Doksiri দকচিৰি, আগষ্ট, ২০২৪
No comments:
Post a Comment