কিছুমান কবিয়ে অহৰ্নিশে লৈ ফুৰে - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, July 31, 2024

কিছুমান কবিয়ে অহৰ্নিশে লৈ ফুৰে

 

কিছুমান কবিয়ে অহৰ্নিশে লৈ ফুৰে 


                                                                      যতীন মিলি     


কিছুমান কবিয়ে অহৰ্নিশে লৈ ফুৰে 

এবুকু বিষাদৰ ঘা 


কাৰ বুকুত কিমান গভীৰ ঘা 

কবিৰ কবিতা পঢ়ি অনুভৱ কৰিব নোৱাৰি 


আঘাতৰ তীব্ৰতা ভেদে ভিন্ন হয় 

কবিতাৰ অৰ্থ-তাৎপৰ্য- বিশ্লেষণ 


আচম্বিত

দুখে কুলাই পাচিয়ে নধৰাৰ পিছতো 

ডিঙিৰ বাহিৰলৈ ওলাই নাহে 

কবিৰ ক্ষত বুকুৰ গোপন  কথাবোৰ ...


মৌখিক মত বিনিময়েৰে ধৰিব নোৱাৰি 

নিশ্বাসৰ বতাহত এৰি দিয়া 

হা-হুতাহ হুমুনিয়াহৰ পৰিধিৰ সীমনা 


একাকীত্বৰ নৈৰাশ্যতাৰ বাবেই হওঁক

কিম্বা বিমোহিত পৃথিৱীৰ ৰূপ লাৱণ্যৰ বাবেই হওঁক 

হৃদয়ৱান কবিয়ে লিখি যায় নিঃস্বাৰ্থ 

লিখি যায় প্ৰেম শইচ পৃথিৱীৰ কবিতা…


Doksiri দকচিৰি, আগষ্ট, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages