দুখন ভিন্ন হৃদয়
দীপ্তি ঠাকুৰ গোস্বামী
মহানগৰীৰ মাজে মাজে জনবহুল ৰাস্তাটোৰে গাড়ীখনত গৈ থাকোঁতে বহু চিন্তাই মনত অগা-ডেৱা কৰিলে। নিসংগতাই মোক আৱৰি ধৰিলে। মৰম, স্নেহ, দয়া, কৰুণা এই শব্দবোৰৰ মাজত সোমাই মই শূন্যতাক সাৱটি ধৰিলোঁ। মই ভৱিষ্যতৰ চিত্রপটখনত অংকন কৰা ফটোখন কেনভাছখনত কিছু নিৰাশাৰ আঁচোৰ। অৱশ্যে সকলোৰে জীৱনৰ ৰংবোৰ একেই নহয়। ভাবত বিভোৰ হৈ থাকোঁতে দুধাৰি চকুলো বৈ আহিল।
আজি প্রায়েই এটা বছৰ হ’ল সুখৰ ঠিকনা বিচাৰি জেঠাই- জেঠ পেহাৰ মৃত্যুৰ পিছত টালি-টোপোলা বান্ধি একমাত্র পুত্ৰৰ ঘৰত থাকিবলৈ আহিছিল। গোটেই জীৱনটো সুখেৰে পাৰ কৰা জেঠাইৰ জীৱনলৈ এজাক কাল ধুমুহা নামি আহি সকলো তচনচ কৰিলে। প্ৰাপ্তিৰ আনন্দৰে ভৰা, ৰামধেনুৰ সতোৰঙী ৰঙে উজলাই তোলা জেঠাইৰ জীৱনটো হঠাৎ হেৰাই যোৱাত তেওঁ মাতৃভূমিৰপৰা আঁতৰি পুত্ৰৰ লগত থকাৰ কথা চিন্তা কৰিলে; যিহেতু দুটা নাতি-নাতিনীৰ সৈতে গোটেই জীৱনটো পাৰ কৰিব পাৰিলে তেওঁৰ জীৱনৰ বেদনাবোৰ হয়তো কিছু কম হ’ব। কিন্তু মনত যি আশা লৈ আহিছিল তাৰ ওলোটা ছবিখনেহে তেওঁকক চুই গ’ল।
“ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি।” তেওঁ যেন পুত্ৰৰ ঘৰত এটা বোজা হোৱা যেনহে অনুমান কৰিলে। তেওঁক সংগ দিয়া দূৰৈৰ কথা মৰমৰ মাত এষাৰ দিবলৈকো সময় নাই পুত্ৰ-বোৱাৰীৰ। তেওঁৰ মনটোত এনে এটা পৰিস্থিতিৰ সৃষ্টি হ'ল বিধে বিধে সজাই থোৱা সুস্বাদু খাদ্যবোৰো গ্রহণ কৰিবলৈ ইচ্ছা প্রকাশ নকৰা হ'ল। তেওঁ এটাই চিন্তা কৰে কিমান মৰমেৰে আৰু কষ্ট কৰি তেওঁৰ একমাত্র সন্তানস কে ডাঙৰ- দীঘল কৰিছিল। সি কষ্ট পাব বুলি তেওঁ বিদ্যালয়বাশক্ষয়িত্রীব পদটোকো ইস্তফা দি ঘৰত পুত্ৰক সময় দিছিল যাতে সি ডাঙৰ হৈ সুন্দৰ জীৱন এটা গঢ় দিব পাৰে। তেওঁৰ এতিয়া মন-ডেউকা উৰা মাৰে সোণসেৰীয়া দিনৰ ডুখৰীয়া ছবিবোৰৰ মাজত থকা মধুৰ দিনবোৰৰ স্মৃতিত। যেতিয়া পুত্ৰৰ সুনাম-যশস্যাৰে ভৰি পৰা সময়ত গৌৰৱ অনুভৱ কৰিছিল এনে সু-পুত্ৰৰ মাতৃ বুলি।
আজি তেওঁৰ জীৱন হতাশ আৰু হুমুনিয়াহেৰে ভৰা। কেইদিনমানৰ পিচত তেওঁ যাবগৈ এখন বৃদ্ধা আশ্রমলৈ। যিহেতু পুত্ৰ আৰু বোৱাৰীৰ তেওঁৰ দায়িত্ব লোৱাৰ বাবে সময় নাই। বৃদ্ধা আশ্রমত হয়তো তেওঁ আলফুলে সাঁচি থোৱা মিঠা সোঁৱৰণীবোৰ হৃদয়ৰ নিভৃত কোণত এবোজা দুখ হৈ উচুপি থাকিব।
চিন্তাৰ তৰঙ্গমালাৰ মাজত থাকোঁতেই জেঠাইৰ পদুলিত গাড়ীখন থৈ যোৱাৰ পিচত এখোজ দুখোজকৈ গৈ জেঠাইৰ কোঠালৈ সোমাই গ'লোঁ। সেই সময়ত জেঠায়ে বিচনাখনত ওপৰত বহি তন্ময় হৈ চিন্তাৰ সাগৰত ডুব গৈ আছিল। আমাক দেখাৰ লগে লগে তেওঁৰ দুধাৰি চকুলো বৈ গ'ল। হয়তো আমাক ভবিষ্যতে লগ নোপোৱাৰ বেদনাত। নাজানো তেওঁৰ মনৰ অনুভৱ। মই যেন বুজিও নুবুজিলোঁ। মোৰ বুকুখনত ক'ৰবাত বিষ এটা অনুভৱ কৰিলোঁ। সেই সময়ত সূর্য অস্ত গৈছিল। ধৰালৈ আন্ধাৰ নামি আহিছিল। কোঠালিটো আন্ধাৰে আৱৰি ধৰিছিল। মনতে ভাবিলোঁ গোটেই জীবনটো একো কষ্ট নিদিয়াকৈ মিঠা মৰমৰ মাজত পুত্ৰক মানুহ কৰা ব্যস্ত মানুহগৰাকীয়ে আশ্ৰমত শান্তি পাবনে? নে গতিশীল সময়বোৰ স্থৱিৰ হৈ যাব। আমাৰ উভতনি যাত্রা আৰম্ভ হ'ল। কোন দিশে আমাৰ কিছুমান প্রজন্ম আগবাঢ়িছে তাৰেই চিন্তাত মগ্ন হ'লোঁ। নতুন প্রজন্মই এনেকুৱা শিক্ষিত সন্তানৰ আদৰ্শৰে আদৰ্শিত হ'লে মৰম-স্নেহৰ মিঠা নদীখন মৰা সুঁতি হ'ব।
অশান্ত মনটো শান্ত কৰিবলৈকে আকাশৰ বিশালতাৰ দৰে এখন হৃদয় লৈ জন্মগ্রহণ কৰা ঘুৰি আহোঁতে মোৰ সম্বন্ধীয় দাদা-বৌৰ ঘৰত সোমালোঁ। দাদা-বৌৰ ব্যৱহাৰত আপ্লুত হ'লোঁ। লগতে পিতৃ-মাতৃৰ প্ৰতি দায়িত্ব পালন আৰু মধুৰ ব্যৱহাৰ দেখি শান্তিৰ পৃথিৱীত মনটো এৰি দিলোঁ। মোৰ এনে লাগিল মই এজনী শান্তিৰ কপৌ হৈ নীল আকাশত ডেউকা কোবাই কোবাই নৃত্য কৰিছোঁ। মনতে ভাবিলোঁ সন্তানক সু-শিক্ষা দিব পাৰিলে ভবিষ্যৎ জীবন মধুময় হয়। পদুমৰ পাহিৰ সৌৰভবোৰ জীয়াই থকাৰ প্ৰেৰণা।
Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৪
No comments:
Post a Comment