জীৱন সংগ্রাম - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, April 30, 2024

জীৱন সংগ্রাম

 


জীৱন সংগ্রাম


                        দীপ্তি ঠাকুৰ গোস্বামী 


কঠিন বাস্তৱৰ সোণালী সপোন

জীৱন সংগ্রাম কাঁইটীয়া বেৰ

দুর্গম পথ শিলাময় সাকোঁ

মৰুভূমিৰ মৰীচিকা মৰুদ্যানৰ আশা

নীলাভ আকাশ বিশাল মন

দুর্বোধ্য হিয়াৰ অবুজ ভাষা 

জীৱন নদীৰ উত্তাল তৰংগ 

ঢৌৰ মাজত জীৱন সংগ্রাম 

সুন্দৰ ভাস্কৰ্য কঠোৰ পৰিশ্ৰম 

জীৱন গঢ়াৰ পথ উত্তপ্ত কমাৰশাল 

মিঠা স্বপ্ন একাগ্ৰতাৰ মন 

জ্ঞান মন্দিৰৰ এগছি বন্তি 

কঠোৰ সাধনা উজ্জ্বল ভবিষ্যৎ 

জীৱন নদীৰ স্বৰ্ণাভ মুহূর্ত

আলোকোজ্জ্বল ওৰেটো জীৱন


Doksiri দকচিৰি, মে, ২০২৪

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages