মহৌষধ মৌমিতা দেৱনাথ
ৰীতে ৰিদম
মৌমিতা মাথোঁ এটি নাম নাছিল
মৌমিতা এটা জীৱন-দায়িনী মহৌষধ আছিল
যি ঔষধে জীয়াই তুলিলেহেঁতেন
সহস্ৰজনৰ মৃত শৰীৰ
তাইৰ স্পৰ্শত জী উঠাৰ আশাত
ৰৈ আছিল এখন মৃত মৰুভূমি
জাতি মাটি আৰু এখন যুদ্ধবিধ্বস্ত পৃথিৱী
আৰু তাইৰ হাতৰ স্পৰ্শ পালেই
নিৰোগী নিৰোগী অনুভৱ কৰা বৃদ্ধ পিতৃ-মাতৃ
মৌমিতা মাথোঁ এগৰাকী চিকিৎসকে নাছিল
মৌমিতা এটা জীৱন-দায়িনী মহৌষধ আছিল
বহু ৰোগৰ এটি আশাৰ বতৰা আছিল
তাইৰ স্পৰ্শত ভগ্ন শৰীৰ মেৰামতিৰ আশাত
যন্ত্ৰনাই পিষ্ট কৰা বহু ৰোগী ৰৈ আছিল
সেইমতে সকলো ৰোগীক সময়
আৰু প্ৰাণ দি আহিছিল
কিন্তু সেইদিনা
বিষাক্ত কীটৰ দংশনত ৰক্তাক্ত দেহক
নিজেই নিজক ঔষধ দিব পৰা নাছিল
তাইৰ দেহৰ সমস্ত শক্তিয়েও
নৰ পিশাচহঁতক বাধা দিব পৰা নাছিল
এজাক পাষণ্ডৰ পাশবিক অত্যাচাৰত চিৎকাৰ কৰা
মৌমিতাক বচাবলৈ
সেইসময়ত কাষত কোনোৱে নাছিল।
(ডাঃ মৌমিতা দেৱনাথৰ পূণ্য স্মৃতিত)
Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৪


No comments:
Post a Comment