আই জননী - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, September 5, 2024

আই জননী

 

আই জননী


                   সৰিফুল আলম

                   মায়ং, মৰিগাঁও 


হে আই জননী

তোমাক সহস্ৰ প্ৰণাম

কিমান যে কষ্ট আৰু অশেষ

ত্যাগৰ ফলত মোক জনম দি 

দেখুওৱালা  এই বিনন্দীয়া ধৰতী।

হে কৰ্মবীৰ,

নিজৰ স্তন পান কৰোৱাই, 

নিত্য দিন অসীম প্ৰৰিশ্ৰমেৰে

তুলি তালি কৰিলা মোক ডাঙৰ।

হে জনম ধাত্ৰী,

প্ৰসৱৰ নিচিনা গধূৰ যন্ত্ৰণা সয্য কৰি

নিজৰ সন্তানটিক বুকুত সাৱটি ধৰি

অতীতৰ সকলো যন্ত্ৰণা তুমি যোৱাহে পাহৰি।

হে ধৈৰ্য বান নাৰী,

নিজৰ স্বাৰ্থৰ প্ৰতি কিন্সিত নাভাবি

সন্তানটিৰ সুখত হাঁহিমুখে ত্যাগ কৰা তুমি ।

তুমি অনন্যা ,

কিজানি শেষ নহ’ব 

তোমাৰ ব্যক্ত বৰ্ণনা।

হে আই জননী,

তোমাক কৌটি কৌটি প্ৰণাম

তুমি মোৰ নমস্য প্ৰাণ।।


Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages