আলাপন
ভাৰতী বসুমতাৰী
ধেমাজি
(কৃপাৰ সাগৰ কৃপা কৰা একবাৰ
কাতৰ কৰিয়া লৈ শৰণ তোমাৰ।
শ্ৰী শ্ৰী মাধৱদেৱ)
বৰগীতৰ আখৰা কৰি প্ৰামাণিকা ডুবি থাকে আধ্যাত্মিকতাত
পৃথিৱীখন কেৱল মায়া
কোনোবাই জাবৰৰ দ’মত জুই লগাইছে
অলাগতিয়াল নথি-পত্ৰ, প্লাষ্টিকৰ মোনা,খৰাহী আৰু বহু কিবাকিবি
খন্তেকতে ফুটছাই।
মানুহে যে কবিতা লিখে
এক কথাত ভ্ৰম
কবিবোৰ ভণ্ড
পোন কথাত কবি হোৱাৰ বাসনা
আই.চি.ইউ.ৰ বেডত শুই শুই ৰোগীজনে কি কথা ভাবে
জীয়াই থকাটো মানুহৰ কৰ্তব্য
নে একপ্ৰকাৰ নিচা
কেতিয়াবা যুক্তিৰ কথাবোৰে বাট বিচাৰি হাঁহাকাৰ কৰে
প্ৰেচক্ৰিপচনত ডাক্তৰৰ ফিজ ঔষধৰ দাম
উফ!
নাৰ্চিং হোমৰ ভিতৰে-বাহিৰে এদ’ল ডকাইতে লুটি খায় ৰোগীৰ অস্থি-মজ্জা
শোষক মানুহবোৰ প্ৰভাৱশীল
বৰগীতৰ ৰাগ টানি টানি প্ৰামাণিকা আপোনপাহৰা হৈ পৰে
“কৃপাৰ সাগৰ কৃপা কৰা একবাৰ”
ঈশ্বৰ আত্মাৰ পৰম শক্তি
লোভ-মোহ, কাম-ক্ৰোধ একো একোটা যন্ত্ৰণা
আৰু মানুহবোৰ অন্ধ
হে প্ৰভু কৃপা কৰা একবাৰ।
Doksiri দকচিৰি, অক্টোবৰ, ২০২৪
No comments:
Post a Comment