শৰতৰ গান
বিশ্বজিৎ শইকীয়া
কাৰ্বি আংলং
তেওঁৰ ওঁঠত এটা সুৰ বাজি আছিল
এটা শুভ্ৰৰঙী সুৰ,
বকুল গছৰ গা বগাই
বৈ যায় শৰতৰ সুৰ।
তেওঁৰ খোপাৰ শেৱালী ফুলে
ৰাতি বাউল হয়
দূৰণিৰ আন্ধাৰত বাজি থাকে
মেঘবৰণীয়া কুঁৱলীৰ ৰগিণী।
কাহানিবা বাজিছিল শৰতৰ ৰাতিত
কোনোবা গৰখীয়া ডেকাৰ
উন্মুক্ত বাঁহীৰ সুৰ,
সেই সুৰে কঢ়িয়াই লৈ ফুৰিছিল
মানুহৰ ঘৰবোৰ
পথাৰ আৰু পাহাৰবোৰ
নৈ আৰু অৰণ্যবোৰ........
গৰখীয়াটোৰ তেজাল বুকুত
সেই বাঁহীৰ সুৰটো পুঁতি পেলোৱা হ’ল।
তেওঁ ভাল পাইছিল গৰখীয়াটোৰ
বাঁহীৰ সুৰ, পোহৰৰ ৰাগিণী,
সেই গৰখীয়াটোৰ হেঁপাহৰ বাঁহীটো
কাৰোবাৰ খোজত ভাগিল
শেৱালী সুৰত এলান্ধু উলমিল
সেই বাঁহীৰ সুৰত বুলোৱা
আঙুলিকেইটাত লাগিল
- মকৰা জাল
আকৌ কেতিয়া বাজিব শৰতৰ গান?
Doksiri দকচিৰি, অক্টোবৰ, ২০২৪
No comments:
Post a Comment