জেকেট
মফিজুদ্দিন চৌধুৰী
নতুন জেকেটটো দেখি মোৰ মনটো নাচি উঠক চাৰি সংকুচিতহে হ'ল। আকৌ এসোপা পইচা খৰচ! সৰু ডাঙৰ মিলাই পাঁচটামান জেকেট আছেই। আটাইতকৈ মোলায়েম জেকেটটো দিনে-ৰাতিয়ে ঘৰতে পিন্ধি থাকোঁ। শ্ৰীমতীৰ তাতেই আপত্তি। তেওঁ নিত্য নতুনৰ পূজাৰী।
“এই একেটা জেকেটকে সদায় দেখি দেখি চকু বিষাই গৈছে। এনেকুৱা আৰু এটা জেকেটো তো লব পাৰে। চুৱেটাৰবোৰো এনেই পৰি আছে। সেইবোৰৰো তো সৎ ব্যৱহাৰ কৰিব পাৰি!”
“এই জেকেটটোৰ উম তোমাৰ সেই চুৱেটাৰবোৰতকৈও বেছি। ইয়াক যেনেকৈ তেনেকৈ ব্যৱহাৰ কৰিবও পাৰি। তোমাৰ চুৱেটাৰবোৰত এই দম কত?”
“বুজিলোঁ বাৰু, আৰু এটা জেকেটকেই তো লব পাৰি? আপোনাক বহুত কলোঁ। নাই, কৈ একো লাভ নাই। ময়েই আনি দিব লাগিব।”
এয়া, আজি আনিহে এৰিলে। অযথা অৱসৰৰ অৰ্থৰ অপব্যয়!
তেওঁৰ চকুৰ শান্তি! মোৰ মনৰ অশান্তি!
দুদিনমান পাছত এইবোৰ আকৌ আলমাৰী, এয়াৰড্ৰ'বৰ জাপৰ মাজত সোমাই লাৱাৰিচ্ হৈ পৰিব।
হওক তথাপি, তেওঁৰ চকুৰ শান্তিয়েই বিৰাজমান হৈ থাকক! অৱসৰ জীৱনে মোক স্থবিৰ কৰি পেলালে। সকলোতে এলাহ লগা হ’ল। তেওঁৰ যহতে মনটোৰ মামৰ এৰাই যদি পুৰণি পিতলৰ কলহৰ দৰে চকচকীয়া হৈ পৰে তাতনো ক্ষতি কি?
Doksiri দকচিৰি, অক্টোবৰ, ২০২৪
No comments:
Post a Comment