শ্বহীদ
অঞ্জুমণি বড়া
শিৱসাগৰ
“স্বাধীনতা দিৱস”ৰ দিনা মলয়াৰ শহুৰ - শাহুৰ দুয়োজনেই টেলিভিচনৰ পৰ্দাত স্বাধীনতা দিৱসৰ কাৰ্যসূচী উপভোগ কৰি আছে। মলয়াৰ টি.ভি চাবলৈও মন যোৱা নাই। এক অজান আশঙ্কাত তাইৰ বুকুখন যেন কঁপি উঠিছে। মনত পৰিছে তাইৰ মনৰ মানুহজনলৈ। তেওঁ বাৰু এতিয়া কিহত ব্যস্ত? নিশ্চয় পেৰেডত....। মলয়াৰ স্বামী অবিনাশে হাতত বন্দুক লৈ অশান্ত জৰ্জৰিত সীমান্ত অঞ্চলত প্ৰহৰী হিছাপে চাকৰি কৰি আছে। ক’ৰবাৰ পৰা “ক'ত জোৱানৰ মৃত্যু হ’ল” গীতটি ভাহি আহি মলয়াৰ কাণত সোমালহি। তাই কাণদুখন জোৰেৰে হেঁচা মাৰি ধৰিলে ।
“বোৱাৰী ফোন, সীমান্তত গুলিয়া-গুলি লাগিছে”।... শাহুয়েকৰ বিকট চিঞৰ শুনি মলয়া থিতাতে ঢলি পৰিল। বাহিৰত মানুহবোৰে কৰা চিঞৰ -বাখৰত মলয়াই গ'ম পালে “অবিনাশ শ্বহীদ হ’ল”।
Doksiri দকচিৰি, অক্টোবৰ, ২০২৪
No comments:
Post a Comment