আহিন - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, September 30, 2024

আহিন

 

আহিন


                  কমল


শৰতৰ ৰঙা দলিছাত বহি

   আকৌ আহিলি ত ই

 গ্ৰীষ্ম জৰ্জৰ ধৰাৰ বুকু 

   শীতল কৰিবলৈ।

লগত আনিলি বৃষ্টিৰ টোপাল

   সুৰভী শীতল কৰি

মলয়া বতাহৰ ভুৱন ভুলোৱা

   লাস্যময়ী হাঁহি।

তলসৰা শেৱালিৰ সুবাস বিয়পি

   পৃথিৱী আমোল মোল

সৰগৰ দেৱতাক নিমন্ত্ৰণ দিবলৈ

    মানৱ হ’ল ব্যাকুল।

পূজা ৰ বেদীত বাজিবৰ হ’ল

    ঢাক শঙ্খৰ টান

ধূপ ধূণাৰ সুগন্ধিত সুশোভিত হ’ল

    সৰগৰ সমান।

শুকুলা মেঘৰ আচ্ছাদন ফালি

     গগন নিৰ্মল হল

নদীবোৰ শুকাই শীৰ্ণকায় হ’ল

   যেন কমন্দলুৰ জল।

কহুঁৱা ফুলিল, মেটেকা ফুলিল

   ফুলিল শতদল

বাৰে ৰহণীয়া সৃষ্টিৰ দলিছাত

   আনন্দে নধৰা হ’ল।


Doksiri দকচিৰি, অক্টোবৰ, ২০২৪

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages