বসন্তৰ সৈতে এৰাতি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, September 5, 2024

বসন্তৰ সৈতে এৰাতি



 বসন্তৰ সৈতে এৰাতি


                                 ৰুনু শৰ্মা

                            গুৱাহাটী-৩৭


ৰাতিটো আহিছিল এখিলা দীঘল কাগজত,

দীঘ-বানি নোহোৱা উকা কাগজখন

উৰি গৈছিল এখন অচিন দেশলৈ,

যিখন দেশত আছিলো তুমি আৰু মই

কিন্তু তুমিতো ঠিক তুমি নোহোৱা 

তুমি আছিলা এখিলা গছৰ পাতত

পাতখিলা সৰিব ধৰোতেই 

ক’ব নোৱাৰাকৈয়ে পাতখন পাৰি বহিলো

সেয়ে নেকি বসন্তৰ ব’হাগৰ 

কোনোবা এটা ৰাতি মই হাঁহিছিলো

হয়, সেইদিনা মই আকাশখন দেখিছিলো

ব’হাগৰ কোনোবা এৰাতি তুমি মোক

চাইছিলা আৰু উপভোগ কৰিছিলা

আকাশখনে সেইদিনা নাচিছিল

লুকাভাকুও খেলিছিল,

বচ সিমানতে শেষ

মইতো পাহৰা নাই

কলীয়া ডাৱৰৰ মাজত লুকাই থকা

মেঘ চপৰাৰ কথা!

তুমি দিয়া বিহুৱানখন এতিয়াও আছে

সেইখনেই মোৰ শেষ বিহুৱান 

তাহানিৰ বিহুৱান আজি নাই

একুৱাৰিয়ামত সজাই থৈছো

তুমি দিয়া বিহুৱানখন,

পাৰিলে আহিবা বসন্তৰ এৰাতি এবাৰ।


Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages