ধূসৰ বাস্তৱ
জিমি পাঠক
জীয়াইটো আছো মই, কিন্তু মোৰ জীৱনটো ক'ত আছে
উশাহটো আছে ঠিকেই, কিন্তু হৃদয়খনহে নাজানো ক'ত আছে
আকাশ যিমান গভীৰ তাৰ সমানেই বিশাল
সাগৰৰ দুটি পাৰ, কাহানিও মিলন নোহোৱা দুটি আশাৰ বাট
হৃদয় খান্দি পুখুৰী কৰি পেলোৱাৰ পিছতো
আজিও চন পৰি আছে বুকুৰ পথাৰ
পিয়াহঁত মৃত্যুপন কৰা মানুহে পানী পোৱাৰ পিছতো কিয় কৰে হাহাকাৰ
সময় সেই ঘড়ীটোৰ নে ঘড়ীটো সময়ৰ
ৰদালিৰ ৰ'দজাকৰ দৰে উষ্ম নে প্ৰখৰ
দুখবোৰ আছে বাবেইটো সুখৰ মাদকতা আজিও সুকীয়া
মিছাৰ আঁৰত লুকাই পৰা সঁচাবোৰো যে হয় ক্ষন্তেকীয়া
ভুলবোৰ হয় নে সেয়া জানি বুজি কৰে
বাস্তৱৰ আতধৰা সপোনবোৰো যে এদিন আধৰুৱা হৈ পৰে
দিনৰ শেষত যেতিয়া আন্ধাৰ নামি আহে
নিশাবোৰ হৈ পৰে দুৰ্জয় নিনাদৰ অৱহেলাৰ কৰুণতম সাক্ষী
ইয়াতেই লিখা হয় আন্ধাৰ কোঠাৰ প্ৰতিটো কাহিনী
ধোঁৱাৰ কুণ্ডলীৰে উপচি পৰে বতাহ
ৰাগীত মাতাল হয় চৌপাশৰ মনোমোহা সেউজ ধৰা…
Doksiri দকচিৰি, অক্টোবৰ, ২০২৪
No comments:
Post a Comment