মোক দিয়া - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, September 30, 2024

মোক দিয়া

 মোক দিয়া


                        মূল বাংলাঃ আমাকে দাও 

                              কবিঃ আহচান হাবিব

            তৰ্জমাঃ ড° ইকবাল হোচেইন খান 


দুখৰ  কোনো দৃশ্যমান  অবয়ৱ নাই 

তুমি মোৰ দুচকুত  যাক দেখিছা

তাৰ নাম দুখতত্ত্ব।

তোমাৰ কেমেৰাই  যিজনৰ  ছবি তুলিব 

সেইজন নিশ্চয় মই  নহওঁ।


মোৰ বুকুৰ অতল তলিত যিজনৰ বাসস্থান

সেইজনক তুমি ক’তো বিচাৰি নাপাবা ;

সেই শত্ৰু

যিয়ে মোৰ  কোমল হৃদয় ৰাতি-দিন কুটি কুটি খায়।


মোৰ দুখৰ  উৎস তুমি

অথচ  লালন-পালনৰ দায়িত্ব ভাৰ মোকেই দিয়া।

মোকেই কেৱল  

ক্ষুধা। এই ঘোৰ  অন্ধকাৰৰ  পৰা  মোক মুক্ত  কৰা 

মোক জীয়াই  থাকিবলৈ দিয়া  

মই জীয়াই থাকিব বিচাৰোঁ।


Doksiri দকচিৰি, অক্টোবৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages