আমি গেলিছোঁ পচিছোঁ
ৰীতে ৰিদম
আমি মানুহ
কিন্তু মানুহ চিনাত বহুবাৰ ব্যৰ্থ হৈছোঁ
মানুহবোৰৰ মুখাৰ ওপৰত যে মুখা
মুখাৰ আঁৰত লুকাই থকা মানুহজন কেনেকুৱা
আমিচোন ধৰিবই নোৱাৰিছোঁ
তাহানিৰ বিশ্বাসৰ সাঁকোডাল আজি নাই
চিগি গৈছে
আমি যে পাৰাপাৰ হৈছিলোঁ
বিনিময় কৰিছিলোঁ হৃদয়…
বিশ্বাসক হত্যা কৰি আমিবোৰ যন্ত্ৰ হৈ পৰিছোঁ
বলপূৰ্বকভাৱে মানুহৰ মন-মগজুক ছফটৱেৰে সজাইছোঁ
ছফটৱেৰ ছফটৱেৰ কৰি কামবন এৰি দিছোঁ
আমিবোৰ ছফটৱেৰৰ পথাৰত শালি ধানৰ কঠিয়া সিচিছোঁ
সেউজীয়া সপোন ৰচিছোঁ
আলাউদ্দিনৰ চাকি বিচাৰি বিচাৰি হাবাথুৰি খাইছোঁ
প্ৰৱঞ্চকৰ যোগেদি কষ্টোপাৰ্জিত ধন
ছফটৱেৰ, ট্ৰেডিং কিম্বা অনামি কোম্পেনীত বিনিয়োগ কৰিছোঁ
নিশাৰ ভিতৰতে কোটিপতিৰ সপোন দেখিছোঁ
আমি হাতীপটিৰ সমান দীঘল হ’ব বিচাৰিছোঁ
ভাওনা হৈ চন্দ্ৰলৈ হাত মেলিছোঁ
আমি যন্ত্ৰৰ ওচৰত বিশ্বাসক বিক্ৰী কৰিছোঁ
প্ৰৱঞ্চক তাৰ মধ্যস্থতাকাৰী
প্ৰৱঞ্চকৰ পতা জালত আমি পচিছোঁ
ক্ৰমশঃ গেলিছোঁ আৰু গেলাইছোঁ…।
Doksiri দকচিৰি, অক্টোবৰ, ২০২৪


No comments:
Post a Comment