স্নেহৰ বান্ধোন
জয় দলে
ধেমাজি
(কৰ্মৰত ঠাইত লগ পোৱা মৰমৰ ভণ্টি মেঘাৰ স্মৃতিত)
মৰমবোৰ সঁচাই পৃথক
দুদিনৰ জীৱন আজি আছোঁ কালি নাই
কিন্তু তথাপি কিয় আমাৰ বান্ধুনবোৰ
পাহৰি যাওঁ।
আমিবোৰ আমি হয়ে থাকিব নোৱাৰোনে ?
ঘৰৰ মানুহ আজি পৰৰ হ’লো
ঘৰখনে পাহৰি গ’ল
মই কোন আছিলোঁ
সম্পৰ্ক গঢ় লবলৈ বহু সময়ৰ প্ৰয়োজন
ভাঙিবলৈ নালাগে বেছি পৰ।
ভাবিছিলো হাতখন আজি
উকা হৈয়ে ৰব
নেদেখা জনৰ কৃপাত
ভনী এজনী কৰ্মৰত অৱস্থাতে পালোঁ
এয়াই চাগৈ জীৱনৰ স্নেহৰ বান্ধোন।
মৰম বোৰ মৰম হৈয়ে থাকিব দিয়া
শিলৰ দৰে হবলৈ নিদিবা
ধুমুহা বতাহ জাকৰ দৰে মোৰ জীৱনটো
ক্ষণিকতে ভাঙি নিলে সকলোবোৰ
টুকুৰা টোকুৰকৈ।
Doksiri দকচিৰি, অক্টোবৰ, ২০২৪

No comments:
Post a Comment