ক’ত পাৰ্থক্য ?
বিপ্লৱ গোস্বামী
কবিয়ে কৈছিল, "দূৰত্বই প্ৰেমক গভীৰ কৰে।"
কিন্তু সকলোৰে বাবে নহয়।
কাৰণ আমাৰ মৰম কমি আহিছে আঁতৰি যাবলৈ!
কবিয়ে নিজৰ পৰা বহু দূৰলৈ যাব বিচাৰিছিল।
কিন্তু মই আঁতৰি গ’লোঁ৷
তোমাৰ জীৱনৰ পৰা!
কবিয়ে ক'লে, "মানুহে আঁতৰি গ'লে মনত পেলাব।"
কিন্তু সকলোৰে বাবে নহয়।
মই আঁতৰি গৈ তোমাৰ স্মৃতিৰ পৰা পাহৰিলোঁ!
এতিয়াও পাৰ্থক্য বিচাৰি পোৱা নাই।
Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৪


No comments:
Post a Comment