বতৰা
বন্তি গোস্বামী
গুৱাহাটী
ফুলে ক'লে হাঁহি মাৰি
মোৰ ফালে চোৱা
সৰা পাতৰ মাজত পৰিলে
জানো বিচাৰি পাবা।
হাতৰ মুঠিতে থাকে
মোৰ যে সময়,
সুৰভি বিলাও মই
প্ৰতিটো ক্ষণত।
এচাতি দুচাতি কৰি
মলয়া বলিছে
মোৰ সৰু পাহি বোৰ
উলাহতে নাঢিছে
খিল্ খিল্ হাঁহিৰে
উৰি আহি পখিলা
মোৰ বুকুৰ মাজৰ
মৌ বোৰ চুহিলা
স্বপ্নভৰা নীল আকাশ খনিত
জিলমিল সৰু চৰাইবোৰে
মোৰ ফালে চাই
মিচিকিয়া হাঁহিৰে
নতুন দিনৰ বতৰা দিয়ে।
Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৪


No comments:
Post a Comment