শুকুলা শৰৎ আহিছে - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, September 5, 2024

শুকুলা শৰৎ আহিছে

 


শুকুলা শৰৎ আহিছে


                                    সত্যজিৎ গগৈ

                               জখলাবন্ধা, নগাঁও


শুভ্ৰতাৰ চাদৰ এখন মেৰিয়াই

আহিনৰ গাত ভেজা দি

শুকুলা শৰৎ আহিছে

চৌদিশে বাজিছে শংখ-ধ্বনি,


নাৰীক পূজা কৰা দেশলৈ আগমন

সোণতৰা যেন জিলিকা এজনী পৰী

আমি আজিও শৰৎ আহিলে

শেৱালি ফুলাৰ কথা ভাবোঁ

অথবা কুঁৱলীয়ে পাৰি দিয়া দলিচা,


এতিয়া আহিনে শৰতক নানে

শৰতেও আহিনক নানে

মাথোঁ সময়ে শিকাই যায় ঋতুৰ কথা,


আপুনি বা মই ভাবিলেও

আবতৰীয়া ফলৰ সোৱাদ

নতুবা নগ্নতাৰ গোন্ধত মগ্ন এচামে

সলাই পেলাইছে মোৰ পৃথিৱী,


আমি সূৰ্য,বায়ু আৰু পানীক

বিশ্বাস কৰা অবুজ,সেয়েহে

বহু যুগ-আবিযুগৰ পৰাই

ঋতুমতী হোৱা মোৰ দেশৰ

প্ৰতিটো ক্ষণেই শৰৎ…


Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৪

           


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages