বাহিৰে-ভিতৰে - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, September 5, 2024

বাহিৰে-ভিতৰে

 


বাহিৰে-ভিতৰে

             

                  ইলামণি শইকীয়া


 আলাপ-১


ভিতৰি মই মৰি আছোঁ

বাহিৰত গুণগুণাও জীৱন জীনাৰ গান৷

ভিতৰত একো নাথাকে

বাহিৰত দেখাবোৰেই সকলো৷


আলাপ-২


 সন্ধিয়াৰ প্ৰাৰ্থনাটো কেতিয়াবা গান হৈছিল

কেতিয়াবা জীৱনৰ মধুময় সুৰ

প্ৰাৰ্থনাটোৱে কান্দি কান্দি কেতিয়াবা বেকত কৰিছিল

সেৱকীৰ পাৰভঙা দুখ...


এতিয়া গোসাঁইঘৰত চাকি নজ্বলে

প্ৰাৰ্থনাটোৱে  উদঙ ঘৰখনলৈ চাই হিয়াঢাকুৰি কান্দে


Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages