উপায়হীন
প্ৰীতি পংকী গগৈ
তিনিচুকীয়া, কাকপথাৰ
হেমেনৰ দিনক দিনে উৎপাত বাঢ়িহে গৈছে। মাকে নামঘৰ, মন্দিৰত পূজা-অৰ্চনা কৰাৰ উপৰি চোৱা-চিতা কৰিও ঠিক কৰিব পৰা নাই। তাৰ বাবেই ভায়েক -ভনীয়েকৰ পঢ়াও যথেষ্ঠ ক্ষতি হৈছে। দেউতাকে চাকৰি সূত্ৰে দূৰত থাকে বাবে মাকে কথাবোৰ ক'ব নিবিচাৰে। সিদিনা ভনীয়েকৰ মুখেৰে সকলো কথা গম পাই লগে লগেই ছুটী লৈ ঘৰলৈ আহিয়েই বাবুলৰ কাণ্ড দেখি চকু থৰ হৈ ৰয়।
চিকিৎসা কৰিও ব্যৰ্থ হয়। কাৰণ বাবুলে ঔষধৰ সলনি স্বাস্থ্য হানিকাৰক বস্তুবোৰহে দিনে ৰাতিয়ে সেৱন কৰে সেয়ে দেউতাকে দুখ আৰু খঙতে মনে মনে এটি সিদ্ধান্ত লয়। পিছদিনা মাকে খবৰ পাই যে বাবুলক ৰাতিৰ আন্ধাৰত কোনোবাই বৰ বেয়াকৈ মাৰিলে। এতিয়া সি গাঁৱৰে প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি হৈ আছে। তাৰ বোলে ভৰি এখন ভাগিছে।
Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৪
No comments:
Post a Comment