শেৱালি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, September 30, 2024

শেৱালি

 


শেৱালি


               ৰিজু মণি বৰা

                        নগাঁও


ঢকঢকীয়া বগা সাজ পিন্ধি

শৰতৰ হাতত হাত ধৰি 

কুঁৱলীৰ চেলেং গুচাই

বগোৱাবাই আহিছিল 

কোনোবা এটা নিশা

অভিমানী শেৱালি,

প্ৰিতমৰ পৰশত উলাহত নাচে

প্ৰাণ খুলি হাঁহে

প্ৰেমৰ সুৱাস বিলাই

পোৱালমণি পিন্ধে

ওৰে নিশা মন ভৰি ফুলি 

এবুকু বেদনা লৈ 

পুৱাতে মৰহি সৰে!

শুভ্ৰতাৰ দলিচা পাৰি

পদূলি শুৱনি কৰি 

কোনোদিনে ভাগৰি নপৰা

অভিমানী শেৱালিয়ে 

জহি যোৱাৰ পৰতো

শৰতৰ বন্দনা কৰি 

মনৰ জুপুৰিত জোনাক সিঁচে।


Doksiri দকচিৰি, অক্টোবৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages